বস্তি অঞ্চলত শিক্ষাৰ পোহৰ বিলাইছে এগৰাকী যুৱতীয়ে

0 205

বস্তি অঞ্চলত শিক্ষাৰ পোহৰ বিলাইছে এগৰাকী যুৱতীয়ে ।মহানগৰীৰ জি এম চি এইচ এলেকাত জুলি কাকতি নামৰ এগৰাকী যুৱতীয়ে বিনামুলীয়াকৈ এদল প্ৰজন্মক শিক্ষা দান কৰি আহিছে ।প্ৰায় ২মাহ ধৰি এই যুৱতী গৰাকীয়ে তেওঁৰ কেইগৰাকীমান বন্ধুৰ সহযোগত এই মহৎ কামৰ অংশীদাৰ হৈছে।এই সম্পৰ্কে জুলি কাকতিয়ে এনেদৰে কয় -আমি বৰ্তমান প্ৰায় ১৫জন মান ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিছো।পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে ব্যক্তিত্ব বিকাশৰ শিক্ষা দিছো।পূৰ্বৰ তুলনাত ছাত্ৰ ছাত্ৰী সকল যথেষ্ট আগবাঢ়িছে।অন্ততঃ নিজৰ লক্ষ্য স্থিৰ কৰিব পাৰিছে।এই সমগ্ৰ কামটো চাকক্ষুৰ অধীনত কৰা হৈছে।প্ৰথম অৱস্থাত মই অকলে আৰম্ভ কৰিছিলো যদিও চ’চিয়েল মেডিয়াৰ জৰিয়তে পোৱা বন্ধুসকলে সহযোগ কৰিছে।উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত এনে বহু বস্তি অঞ্চলত শিক্ষাদান কৰাৰ পৰিকল্পনা আছে ।সমাজৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা জুলি সেয়েহে আজি বহুজনৰ আদৰ্শ হৈ পৰিছে ।

Leave A Reply

Your email address will not be published.