বাঁহী সুৰে বহুজনক মুগ্ধ কৰিছে ভৰতে

0 268

এগৰাকী বাঁহীবাদক। নাম ভৰত হাজৰিকা। ঘৰ টীয়কৰ ৰজাবাৰীত। তেখেতৰ বাঁহী সুৰে কৃষি কৰ্ম ব্যস্ত হোৱা লোককো আনন্দ খোৰাক যোগাই আহিছে।
 
 
 
 
উল্লেখযোগ্য যে বহু ঘাট প্ৰতিঘাটৰ মাজেৰে ২০০৫ চনত তেখেতে বিশাৰদ লাভ কৰিছে।বৰ্তমান তেওঁ বাঁহী প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ আছে। দেশী বিদেশী এহেজাৰত কৈ অধিক শিক্ষাৰ্থীয়ে তেখেতৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।
 
 
 
বাঁহী বজোৱাৰ সমান্তৰালভাৱে ঘৰতে থুলৱাভাৱে বাঁহী নিৰ্মাণৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে। লকডাউনৰ বাবে বিদ্যালয় তথা অনুষ্ঠান সমূহ বন্ধ থকা বাবে ঘৰতে নিজৰ খেতি বাতি সময় অতিবাহিত কৰিছে । আজি তাৰিখত বহু বাঁহীবাদকে নিজৰ প্রতিভাৰ বলত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ভৰতৰ এই যাত্ৰা অব্যাহত থাকক, আমি জনালোঁ অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.