স্থানীয়ভাৱে উৎপাদিত বাঁহেৰে সামগ্ৰী প্ৰস্তুত কৰি সমাদৰ লাভ মণিপুৰৰ যুৱকৰ

0 279

কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিশীল কৰ্মৰ জৰিয়তে দেশজুৰি সমাদৰ লাভ কৰিছে মণিপুৰৰ এজন যুৱকে। মণিপুৰৰ জি গিয়াপাও নামৰ যুৱকজনে স্থানীয়ভাৱে উৎপাদিত বাঁহৰ জৰিয়তে বিভিন্নধৰণৰ সা সামগ্ৰী প্ৰস্তুত কৰিছে। মণিপুৰৰ চুৰা চান্দপুৰত জোগাম বেম্ব’ ৱৰ্কচ নামেৰে এটা উদ্যোগ গঠন কৰি বহু আকৰ্ষণীয় সা সামগ্ৰী প্ৰস্তুত কৰিছে।
 
 
 
 
জোগাম বেম্ব’ ৱৰ্কচ কি?
জোগাম বেম্ব’ ৱৰ্কচ হ’ল জি গিয়াপাও আৰু তেওঁৰ দুই বন্ধুৰ সহযোগত গঠন কৰা এটা সৰু উদ্যোগ। ২০১৪চনতে অতি কম মূলধনেৰে এই উদ্যোগটো আৰম্ভ কৰিছিল। কোনোধৰণৰ লাভ লোকচানৰ কথা চিন্তা নকৰাকৈ তিনি বন্ধুৱে স্থানীয়ভাৱে উপলব্ধ উপাদানেৰে এই উদ্যোগটোৰ কাম আৰম্ভ কৰিছিল।গিয়াপাওৰ মতে সা সামগ্ৰী বিক্ৰী কৰি যি পইচা ৰৈছিল আমি তিনি বন্ধুৱে ভগাই লৈছিলো।
 
 
 
জোগাম বেম্ব’ ৱৰ্কচ চমুকৈ জেড বি ডব্লিউৰ  আঁৰৰ কথাখিনি
সৰুৰে পৰা সৃষ্টিশীল কৰ্মৰ প্ৰতি জি গিয়াপাও আগ্ৰহী আছিল। ককাক আৰু দেউতাকে বনোৱা বাঁহৰ বাস্কেট চাই ক্ৰাফটৰ কাম কৰিবলৈ আগ্ৰহী হৈছিল আৰু পৰৱৰ্তী সময়ত ক্ৰাফটৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এয়া আছিল ২০১৪চনৰ কথা।
 
 
 
জেড বি ডব্লিউৰ প্ৰাৰম্ভিক যাত্ৰা কেনেকুৱা আছিল?
এটা বাঁহৰ কলমেৰে জেড বি ডব্লিউয়ে প্ৰথমে কাম আৰম্ভ কৰিছিল। কেইটামান বাঁহৰ কলম প্ৰস্তুত কৰি চ’চিয়েল মিডিয়াত দিয়াৰ লগে লগে আমেৰিকাত থকা প্ৰৱাসী মণিপুৰীয়ে উৎসাহিত কৰি ৬০টা বাঁহ কলমৰ অৰ্ডাৰ দিছিল। এই ৬০টা কলম বিক্ৰী কৰি প্ৰথমে ১৫০টকা লাভ কৰিছিল।
“মূল্য হিচাপত কম আছিল যদিও আমি হতাশ হোৱা নাছিলো। ইয়াৰ পিছতেই বিভিন্নধৰণৰ কণ্টেইনাৰ, ঘৰ সজোৱা সা সঁজুলি, পেইণ্ট ষ্টেণ্ড, প্ৰস্তুত কৰিবলৈ লও।”এই মন্তব্য জি গিয়াপাওৰ..
 
 
জেড বি ডব্লিউ কেনেদৰে জনপ্ৰিয় হৈ উঠিল?
এটা বাঁহৰ টিফিনৰ বাবে জেড বি ডব্লিউ সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিল। ফেচবুক, ইনষ্টাগ্ৰামত দিয়া পোষ্টৰ আঁত ধৰিয়েই মুম্বাই, উৰিষ্যা, পাঞ্জাৱ, ডুবাইৰ পৰা বিভিন্নজনে অৰ্ডাৰ দিলে। জানিব পৰা মতে সম্প্ৰতি তিনিশৰো অধিক অৰ্ডাৰ লাভ কৰিছে। তেওঁলোকে প্ৰস্তুত কৰা একোটা বাঁহৰ টিফিনৰ মূল্য ৫০০টকাৰ পৰা ৭০০টকা।
 
 
 
জেড বি ডব্লিউয়ে প্ৰস্তুত কৰা সা সামগ্ৰীৰ বিশেষত্ব কি?
জেড বি ডব্লিউয়ে প্ৰতিবিধ সা সামগ্ৰী সমূহ হাঁতেৰে প্ৰস্তুত কৰে। মণিপুৰত উপলব্ধ বাঁহেৰে এই সামগ্ৰীবোৰ প্ৰস্তুত কৰে। জেড বি ডব্লিউৰ সামগ্ৰীবোৰ ব্যতিক্ৰমী ধৰণৰ হোৱাৰ বাবে সহজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্লাষ্টিকৰ সামগ্ৰীৰ পৰিবৰ্তে ইক’ফ্ৰেইণ্ডলি সা সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে সম্প্ৰতি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.