বাঘজানৰ অভিমুখে ৰাওনা হ’ল আমেৰিকা আৰু কানাডাৰ বিশেষজ্ঞ

0 274

তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়াৰ তৈলখণ্ডত বিগত কেইবাদিনধৰি জ্বলি থকা জুই নিৰ্বাপন কৰিবলৈ আজি দুপৰীয়া বিশেষ বিমানৰে গুৱাহাটীত উপস্থিত হয় আমেৰিকা আৰু কানাডাৰ তিনিজনকৈ বিশেষজ্ঞ অভিযন্তা। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিশেষ তৎপৰতাত বৰঝাৰস্থিত লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্ত:জাৰ্তিক বিমান বন্দৰৰ দুপৰীয়া ১২ বজাত বিশেষ বিমানৰে আহি উপস্থিত হোৱা বিশেষজ্ঞ অভিযন্তা তিনিগৰাকী হ’ল ক্ৰমে আমেৰিকাৰ এন্থনী ষ্টিভেন আৰু ডগলাছ ষ্টুৱাৰ্ড, কানাডাৰ কৰ্নাছ মেথিউ।
 
 
ইতিমধ্যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে তিনিওগৰাকী বিশেষজ্ঞ অভিযন্তা নতুন দিল্লীত স্বাস্থ্য পৰীক্ষা কৰি ‘কভিড-১৯ ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পিছত দলটোক বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত অইল ইণ্ডিয়াৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই তেওঁলোকক আতিথ্য প্ৰদান কৰি গুৱাহাটীৰ অতিথিশালালৈ লৈ যায়। গুৱাহাটীত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কিছু সময় জিৰণি লৈ দলটোৱে স্থলপথৰে তিনিচুকীয়াৰ বাঘজান অভিমুখে যাত্ৰা কৰে।

Leave A Reply

Your email address will not be published.