বাটৰ নাট প্ৰদৰ্শন

0 349

ছেপ্তেম্বৰ মাহৰ পহিলা দেওবাৰৰ পৰা দেশজুৰি বলবৎ হোৱা নতুন যান-বাহন আইন (সংশোধন)২০১৯ খন সন্দৰ্ভত চালক, পথ ব্যৱহাৰকাৰী, ছাত্ৰ-ছাত্ৰী আৰু যান-বাহন গৰাকী, পৰিবহন সন্থা সমূহৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে ৰাজ্যৰ জিলা পৰিবহন বিষয়াসকলক নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামণি ৰয়চম চ’কৰ যোৱা ২ ছেপ্তেম্বৰত এখন পথ সজাগতা সভা অনুষ্ঠিত হয়। সভাত মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও বাছ মালিক সন্থা, শ্ৰমিক সন্থা, সাংবাদিক সকলৰ উপৰিও দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সদস্য সকল উপস্থিত থাকে। আনহাতে সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে নতুন যান-বাহন আইন খনৰ লক্ষ্য,উদ্দেশ্য বাখ্যা দাঙি ধৰি আইন ভংগ কৰিলে  কেনেধৰণৰ শাস্তি হ’ব সেই বিষয়ত চমুকৈ ব্যক্ত কৰে। সভাত যান বাহন পৰিদৰ্শক নইমুদ্দিন আহমেদ, জয় সি ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, ৰমাকান্ত পাচি আৰু এম প্ৰকাশ উপাধ্যয়কে ধৰি কেইবাগৰাকী সহ: প্ৰৱৰ্তক পৰিদৰ্শক চেকাৰ উপস্থিত থাকে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ সুৰক্ষা বিষয়ক লৈ এখন বাটৰনাট প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও যান-বাহন চালক গৰাকীসকলকৰ মাজত নতুন আইন বিষয়ক গোহাৰী পত্ৰ বিতৰণ কৰা হয়। আনহাতে বিয়লী ছয়গাঁৱতো অনুৰূপ এখন পথ সভা অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.