বানপানীত নিহতৰ পৰিয়ালক ৰাজহ মন্ত্ৰীৰ সাহাৰ্য্য প্ৰদান

0 227

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে চলিত বানপানীত প্ৰাণ হেৰুৱা শিৱসাগৰ জিলাৰ দুগৰাকী লোকৰ ঘৰত যোৱা ২৩ জুন তাৰিখে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু অসম চৰকাৰৰ ৰাজ্যিক দূৰ্যোগ সহাঁৰি পুঁজিৰ পৰা মৃতকৰ নিকট আত্মীয়লৈ ৪ লাখ টকাকৈ এক কালীন সাহাৰ্য প্ৰদান কৰে৷
 
 
উল্লেখযোগ্য যে, যোৱা ২২ জুন তাৰিখে ১৫৯ নং চন্টক গ্ৰান্ট গাঁওৰ নিবাসী নন্দন নাথৰ পুত্ৰ সুনীল নাথ (২২) চন্টক গ্ৰান্টৰ বাঢ়নী পানী কৱলত পৰি আৰু মৈৰামৰা গাঁৱৰ ঘণ স্বৰ্ণকাৰৰ পুত্ৰ ৰাতুল স্বৰ্ণকাৰ (৩৭) ৰ দিখৌ নদীৰ বাঢ়নী পানীৰ কৱলত পৰি মৃত্যু হয়৷
 
 
চলিত বানপানীত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুৱা দুয়োগৰাকী লোকৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা কালত নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া ৰূপম বৰা, সমাজসেৱক সকল ক্ৰমে ভৱেন মহন, সুৰভি ৰাজকুমাৰী, ডাঃ প্ৰবীণ কোঁৱৰ, বিজিত গগৈ আৰু বেণু শৰ্মা উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.