বালিপৰাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ,অসমৰ শোণিতপুৰ জিলা সমিতি গঠন

0 275

বালিপৰাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ,অসমৰ শোণিতপুৰ অসমৰ সকলো জাতি,জনগোষ্ঠীৰ মাজত সমন্বয়, ঐক্যভাৱ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই অহা সংগঠন জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ,অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি শোণিতপুৰৰ বালিপৰাৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত সাধাৰণ সভা আৰু জিলা সমিতি গঠন বিষয়ক এখন সভা অনুষ্ঠিত হয় । পুৱা ১০ বজাৰপৰা বিদ্যালয় সভাকক্ষত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান অসম সাহিত্য সভাৰ তথ্যকোষৰ আহ্বায়ক মৃদুল চহৰীয়াই সভাপতিত্ব কৰা সভাখনত আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক, বিশিষ্ট সাহিত্যিক, অনুবাদক ছত্ৰমান চুব্বাই।অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলিয়ে সংগঠনৰ কাৰ্যক্ৰমণিকা, আদৰ্শ, সমন্বয়মূলক কাম-কাজ, জনগোষ্ঠীৰ বিকাশৰ বাবে সংগঠনে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ সমূহৰ লগতে শোণিতপুৰ জিলাত এখন সমিতি গঠন বিষয়তো অৱলোকন কৰে। অনুষ্ঠানটোত উপস্থিত আছা, আটছা, আক্ৰাছু, বেংগলী ফেডাৰেশ্যন, এবছু, সদৌ অসম কৰ্মচাৰী পৰিষদকে আদি কৰি বিভিন্ন দল-সংগঠনৰ সভাপতি-সম্পাদকসহ বিষয়ববীয়া, কেইবাখনো জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়া, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি, শিক্ষক প্ৰতিনিধি, লিম্বু মহাসভাৰ প্ৰতিনিধি, বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি, বালিপৰা প্ৰেছ ক্লাবৰ প্ৰতিনিধি, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গ, জীয়াভৰলী সাহিত্য গোষ্ঠীৰ বিষয়ববীয়া, অসম নেপালী সাহিত্য সভাৰ প্ৰতিনিধি, যুৱ মৰ্চাৰ প্ৰতিনিধি, খনামুখ শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ চহৰীয়াসহ বিষয়ববীয়াসকল, আছুৰ প্ৰতিনিধি, বিভিন্ন বিদ্যালয়ৰ শিক্ষকবৃন্দ, গাৰো সাহিত্য সভাৰ প্ৰতিনিধি, আগছুৰ জিলা সভাপতি দীপক চুব্বাসহ প্ৰতিনিধি, কুৰ্মী যুৱ পৰিষদৰ বিষয়ববীয়া, কেইবাজনো সংগীতশিল্পী, ৰাইজ উপস্থিত থাকে । অনুষ্ঠানতেই সৰ্বসন্মতিমৰ্মে ক্ৰমে বিশিষ্ট কবি ললিত বসুমতাৰীক সভাপতি , কবি, সমাজ সংগঠক ৰঞ্জিৎ চহৰীয়াক কাৰ্যকৰী সভাপতি আৰু
যুৱ নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাক সম্পাদক হিচাপে লৈ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ শোণিতপুৰ জিলাৰ ৩১ জনীয়া সমিতিখন গঠন কৰা হয় ।সভাত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, সমাজৰ বিভিন্ন পদবীৰ প্ৰতিনিধিসকলে অসমৰ সাতামপুৰুষীয়া ঐক্য,সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত সকলো জাতি-জনগোষ্ঠীৰ লোকসকল একগোট হোৱাৰ প্ৰয়োজনীয়তা, সমাজৰপৰা অপশক্তিসমূহক প্ৰতিহত কৰা, সমাজত কৰ্ম আৰু সজাগতামূলক অনুষ্ঠানৰ যোগেদি সমন্বয়মূলক ভাৱধাৰা বিকাশ সাধন কৰা ইত্যাদি বিভিন্ন বিষয়ত ভাষণ আগবঢ়াই নতুনকৈ গঠন হোৱা শোণিতপুৰ জিলা সমিতিক শুভেচ্ছা জনায় । উল্লেখ্যে যে , সভাৰ আৰম্ভণীতে সাংস্কৃতিক শিল্পী দক্ষিণা দেৱী গজুৰেলে বন্দনা পাঠ কৰে । লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়োৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিৱেশন, গীত-কবিতা পৰিৱেশন কৰা হয়।

Leave A Reply

Your email address will not be published.