বালিপৰাৰ এৰাগাঁৱত শংকৰ জন্ম জয়ন্তী পালন – ভাগৱত ভ্ৰমণ

0 243

সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বালিপৰাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ জন্ম জয়ন্তী পালন কৰা হয় । বালিপৰাৰ এৰাগাঁওস্থিত শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰৰ উদ্যোগত আৰু এৰাগাঁওবাসী ৰাইজৰ সহযোগত আজি জন্ম জয়ন্তী উপলক্ষ্যে এক ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত কৰে । গাঁওখনৰ সমূহ ভক্তপ্ৰাণ ৰাইজ সমবেত হৈ ভাগৱত লৈ গাঁওখন প্ৰদক্ষিণ কৰে । গাঁওখনৰ প্ৰতিগৰাকী গৃহস্থই নিজ নিজ পদূলিত শৰাই, ধূপ-ধূনা ,চাকি আগবঢ়াই পৰিয়ালৰ সকলোৰে মংগল কামনাৰ্থে ভগৱন্তৰ চৰণত আঁঠু লৈ সেৱা কৰে । ভাগৱত ভ্ৰমণৰ সময়ছোৱাত গায়ন-বায়নৰ হৰিনাম, খোল-বাদ্যৰ শব্দত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় ।

Leave A Reply

Your email address will not be published.