বাল্বত ছবি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে ময়ুৰীয়ে

0 228

পেলনীয়া ইলেকট্ৰিক বাল্বত বিভিন্ন ছবি আঁকি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে টীয়ক কাকজান দুলীয়া গাঁৱৰ এগৰাকী যুৱতীয়ে। যুৱতী গৰাকীৰ নাম ময়ূৰী শইকীয়া।
 
 
 
ময়ুৰীয়ে এই শিল্প কৰ্মৰ বাবে ইতিমধ্যে অসম বুক অৱ ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। মহেন্দ্ৰ নাথ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ কন্যা  ময়ুৰীয়ে বাল্বৰ ওপৰত ময়ুৰ পক্ষী,অসমৰ লোকবাদ্য সমূহ সুন্দৰ ভাৱে অংকন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
 
 
গছৰ পাতত,চাউলত,পিলত  ছবি অংকন কৰি ময়ুৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ময়ুৰীৰ এই সৃষ্টি ৰাজি অসম বুক অৱ ৰেকৰ্ডচৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল, কৰ্তৃপক্ষই ইতিমধ্যে ময়ুৰীৰ এই প্ৰতিভাক অসম বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰাত আনন্দিত হৈছে ময়ুৰীৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ।

Leave A Reply

Your email address will not be published.