বিক্ৰমৰ ভৱিষ্যতবাণী সঠিক প্ৰমাণিত হ’ল

0 251

লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যোৱা ১৪মে’ত  যাদু সম্ৰাট বিক্ৰমে কৰা ভৱিষ্যতবাণী সম্বলিত বাকচটো আজি মুকলি কৰে।সংবাদ মাধ্যমৰ একাংশ সাংবাদিকৰ সন্মুখত মুকলি কৰা বাকচত বন্দী কৰা ফলাফল অনুসৰি অসমত বি জে পিয়ে ৯খন আসন, আই এন চিতে ৩খন, এ আই ইউ ডি এফে ১খন অন্যান্যয়ে ১খন আসন দখল কৰিব।মণিপুৰত এন পি এফে ১খন, বি জে পিয়ে ১খন আসন দখল কৰিব।মেঘালয়ত আই এন চিয়ে ১খন, এন পি পিয়ে ১খন, মিজোৰামত এম এন এফে ১ খন, ত্ৰিপুৰাত বিজেপিয়ে ২খন, নগালেণ্ডত আই এন চিয়ে ১খন বা ৰিজ’নেল পাৰ্টীয়ে ১খন, অৰুণাচলত বিজেপিয়ে ২খন আসন পাব বুলি মন্তব্য কৰিছিল ।স্মতব্য যে ১৪মে’তে গুৱাহাটীত সৰ্বাধিক ভোট কুইন ওজাই পাব বুলি মন্তব্য কৰিছিল ।উল্লেখযোগ্য যে যাদুকৰ বিক্ৰমে কৰা ভৱিষ্যতবাণী প্ৰায় ১০০ শতাংশ সঠিক হৈছে।ইতিমধ্যে বিক্ৰমৰ ওচৰলৈ বহু দলৰ কৰ্মীয়ে যাদুৰ প্ৰশিক্ষণ ল’বলৈ যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে।আগন্তুক দিনত ২৪ঘণ্টা সময় যাদু দেখাবলৈ বিক্ৰমে  প্ৰস্তুতি চলাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.