বিজয় নগৰত বিশালৰ নতুন শ্বপিং মল মুকলি

0 239

দক্ষিণ কামৰূপৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ বিজয়নগৰত আজি বিশাল শ্বপিং মলৰ এক বৃহৎ ব্যৱসায়িক শাখা মুকলি কৰা হয়। বিজয়নগৰ জৈন সমাজৰ বিশিষ্ট সমাজসেৱী তথা জ্যেষ্ঠ নাগৰিক বাবুলাল জৈন কালাই পুৱা প্ৰায় ১০.৩০ বজাত বিশাল শ্বপিং মলৰ নতুন শাখাটি আনুষ্ঠানিক ভাৱে ফিটা কাটি মুকলি কৰে।
 
 
উল্লেখ্য যে বিজয়নগৰ নিৰীক্ষণ চকীৰ সমীপত ১৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত তিনিমহলীয়া এই শ্বপিং মলত শিশুৰ কাপোৰ, খেলা সামগ্ৰী, যুৱক যুৱতী, পুৰুষ মহিলা উভয়ৰে কাপোৰ, জোটা, চেণ্ডেল, খাদ্য সামগ্ৰী, ঘৰুৱা আচবাব, সৌন্দৰ্য বৰ্ধক সামগ্ৰীৰ লগতে মাৰ্জিত মূল্যত এই সামগ্ৰী সমূহ গ্ৰাহকে নিজৰ পচন্দ অনুসৰি ক্ৰয়ৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে। অৱশ্যে একেবাৰে নিম্ন মহলাত পাৰ্কিং ব্যৱস্থা ৰখা হৈছে যদিও উৎসৱৰ সময়ত বৰ্তমান অতি ব্যস্ত তথা সেই অনুপাতে ঠেক হৈ পৰা ১৭ নং ৰাষ্ট্ৰীয় পথত যাতে যান যটৰ সৃষ্টি নহয়, তালৈ লক্ষ্য ৰাখিবলৈ আজি গ্ৰাহক হিচাপে শ্বপিং মলটোলৈ যোৱা সচেতন নাগৰিক সকলে বিশাল কৰ্তৃপক্ষক আহ্বান জনায়।
 

Leave A Reply

Your email address will not be published.