বিদ্যালয়সমূহত চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন কৰিলে সূৰ্য চিমেণ্টে

0 259

উত্তৰ পূৱৰ অন্যতম পছন্দৰ আৰু শীৰ্ষস্থানীয় ব্ৰেণ্ড তথা ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগ সূৰ্য চিমেণ্ট কৰ্পোৰেট সামাজিক দায়বদ্ধতা চিএছআৰৰ অধীনত বিদ্যালয়ৰ চেনিটাইজেচন কাৰ্যসূচী সম্পূৰ্ণ কৰিছে।ক’ভিড-১৯ ৰ বাবে ২০২০ বৰ্ষত অসমত বন্ধ হৈ থকা বিদ্যালয়সমূহ পুনৰ ২০২১ ৰ জানুৱাৰী পৰা খুলিব আৰম্ভ কৰিছে। ফলত শিক্ষাৰ্থী সকল পুনৰ পাঠদান বাবে শ্ৰেণীকোঠা লৈ উভতিব ধৰিছে।এনে সময়ত ক’ভিড-১৯ বিদ্যালয়ত বিয়পি পৰাৰ আকাংক্ষা বৃদ্ধি পাইছে।বিদ্যালয়ৰ পৰা ক’ভিডৰ কাৰ্যকলাপৰ স্তৰ কমিউনিটিলৈ বিয়পি পৰাৰ আকাংক্ষা ঘনীভূত হৈ পৰিছে।যাৰ বাবে বিদ্যালয় সমূহে ক’ৰণা ভাইৰাছ পৰা শিক্ষাৰ্থী,শিক্ষক,কৰ্মচাৰী সকলক সুৰক্ষিত ৰখাৰ এক প্ৰত্যাহ্বান সন্মুখীন হৈছে।
বিদ্যালয় বোৰ খোলাৰ লগে লগে সূৰ্য চিমেণ্ট চেনিটাইজেচন কাৰ্যকলাপ বোৰ পৰ্যায়ক্ৰমে সম্পন্ন কৰে। সেই কাৰ্যকলাপ বোৰ ভিতৰত আছে বিদ্যালয় চৌহদ পৰিষ্কাৰ আৰু চেনিটাইজেচন ,স্প্রেৰেৰে হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা আৰু ফেচ মাস্ক বিতৰণ আদি।
এই অভিযানটো পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ এটা দলে সম্পন্ন কৰে।দলটোৱে ৬ খন বিদ্যালয়ত এই কামসমূহ কৰে। বিদ্যালয় ছয়খন ভিতৰত আছে কমলাজৰী হাই স্কুল,মৰোগদুলা এল পি স্কুল,সৰুতাৰী এল পি স্কুল,তামুলিকুচি এল পি স্কুল আৰু তামুলিকুচি হাই স্কুল আৰু এম ই স্কুল। এই বিদ্যালয় কেইখন ৰাজ্যৰ কামৰূপ জিলাৰ সোণাপুৰৰ সূৰ্য চিমেণ্টৰ উৎপাদন গোটৰ ওচৰত অৱস্থিত।এই কাৰ্যসূচী ১১ ফেব্ৰুৱাৰীত সম্পন্ন হৈছে। এমাহ ধৰি এই অভিযানৰ কাৰ্যসূচী চলোৱা হয়।য’ত হেণ্ড চেনিটাইজাৰ স্প্রেৰ সৈতে ১০,০০০ ফেচ মাস্ক বিতৰণ কৰা হয়। বিদ্যালয়ৰ চেনিটাইজেচনৰ কাৰ্যসূচীটো ক’ভিড-১৯ ৰ সময়ত চলোৱা সূৰ্য চিমেণ্ট চলি থকা অবিৰত কাৰ্যসূচীৰ এটা অংশ যিটো আৰম্ভ হৈছিল ২০২০ চনৰ মে মাহৰ পৰা। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থী আৰু কৰ্মচাৰী সকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু আশ্বাস দিয়ে যে তেওঁলোকৰ বিদ্যালয় সুৰক্ষিত।
এইটো উল্লেখ কৰিব পাৰি যে ক’ৰণা ভাইৰাছৰ প্ৰাৰম্ভিক পৰ্যায়ত সূৰ্য চিমেণ্টৰ এটা ষ্টেয়িং চেফ আৰু চেনিটাইজৰ অভিযানৰ আয়োজন কৰিছিল।এই অভিযান ছয় মাহৰ বাবে অব্যাহত ৰাখিছিল।এই অভিযানত গুৱাহাটী বিভিন্ন স্থানত মোবাইল চেনিটাইজিং কিয়স্ক ৰ সৈতে ক’ভিড-১৯ ৰ সাৱধানতাৰ বিষয়ে জনগণত কোৱা হৈছিল।যি অভিযানে জনগণক এই মহামাৰীৰ পৰা সাৱধানতা হ’বলৈ উৎসাহিত কৰিছিল।জনগণক এই অভিযানৰ জৰিয়তে ক’ভিড -১৯ ৰ পৰা হাত সাৰিবলৈ চাবোন আৰু পানীৰে হাত ধোঁৱা,হাত পৰিষ্কাৰ কৰি ৰখা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ কোৱা হৈছে।
ক’ভিড-১৯ ৰ এই প্ৰত্যাহ্বানপূৰ্ণ পৰ্যায়ত সূৰ্য চিমেণ্ট ভাৰতৰ সৈতে একত্ৰিত হৈ আছে আৰু এটা দায়বদ্ধ উদ্যোগখণ্ডৰূপে থিয় হৈ আছে।এই বিশ্বব্যাপী স্বাস্থ্য সংকট একেলগে দূৰ কৰাটো নিশ্চিত কৰিবলৈ প্ৰচেষ্টাক আৰু অধিক বৃদ্ধি কৰিম বুলি কয় সূৰ্য চিমেণ্টেৰ ফালৰ পৰা জনাইছে।

Leave A Reply

Your email address will not be published.