বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত শিৱসাগৰত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেল সম্বোধন

0 220

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা শিৱসাগৰ নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচন বিষয়া বিষ্ণু কমল বৰাই আজি নিৰ্বাচনী জিলাখনত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে।
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই সংবাদমেলত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে কয় যে, যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে বিয়লি ৪:৩০ বজাত অনুষ্ঠিত এক সংবাদমেল ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ লগতে আন চাৰিখন ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি অসমত তিনিটা পৰ্য্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে, শিৱসাগৰ নিৰ্বাচনী জিলাত বিধানসভা নিৰ্বাচন প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হ’ব। তেওঁ লগতে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগে প্ৰদান কৰা তালিকা অনুসৰি নিৰ্বাচনী জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে অহা ২ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব, মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন হ’ল ৯ মাৰ্চ, ১০ মাৰ্চত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ’ল ১২ মাৰ্চ। শিৱসাগৰ নিৰ্বাচনী জিলাৰ বাবে অহা ২৭ মাৰ্চত ভোটগ্ৰহণ কৰা হ’ব বুলি অৱগত কৰাৰ লগতে তেওঁ কয় যে, অহা ২ মে’ত ভোটগণনা কৰা হ’ব।
জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে বিয়লি ৪:৩০ বজাত অনুষ্ঠিত এক সংবাদমেলযোগে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা তথা নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱালৈ নিৰ্বাচনী আচৰণ বিধি বলবৎ থাকিব। তেওঁ লগতে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে চৰকাৰী আঁচনি সম্পৰ্কীয় বা ৰাজনৈতিক বেনাৰ, পোষ্টাৰ, হোৰ্ডিং ইত্যাদি আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জনায়।
জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে অৱগত কৰে যে, বৰ্তমানলৈকে নিৰ্বাচনী জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩,৯০,৩৩২ গৰাকী আৰু ইয়াৰে ১,৯৫,৪৫৬ গৰাকী পুৰুষ আৰু ১,৯৪,৮৭৩ গৰাকী মহিলা ভোটাৰ।
উল্লেখযোগ্য যে, ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,২৩,৭৬৮ গৰাকী আৰু ইয়াৰে ৬১,৮৪৯ গৰাকী পুৰুষ, ৬১,৯১৭ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰ।
১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,১৫,০৫২ গৰাকী আৰু ইয়াৰে ৫৮,২৩৪ গৰাকী পুৰুষ, ৫৬,৮১৭ গৰাকী মহিলা আৰু আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ।
১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১,৫১,৫১২ গৰাকী আৰু ইয়াৰে ৭৫,৩৭৩ গৰাকী পুৰুষ আৰু ৭৬,১৩৯ গৰাকী মহিলা ভোটাৰ।
জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে ৮০ বছৰ বয়সৰ উৰ্ধৰ আৰু দিব্যাঙ্গ ভোটাৰৰ বাবে পোষ্টেল বেলট যোগে ভোটদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি কয় যে, সেনাবাহিনীত কৰ্মৰত জিলাখনৰ ভোটাৰসকল (Service Voter) -ৰ বাবেও পোষ্টেল বেলট প্ৰেৰণ আৰু সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হ’ব।
সংবাদমেল খনিত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে অৱগত কৰে যে, নিৰ্বাচনী জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিত দুটাকৈ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ (All Women Polling Station) স্থাপন কৰা হৈছে আৰু মুঠ ৬ টা আদর্শ ভোটগ্ৰহণ কেন্দ্ৰ (Model Polling Station) স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে, আগন্তুক বিধানসভা নিৰ্বাচন ক’ভিড-১৯ সম্পৰ্কীয় সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি সম্পন্ন কৰা হ’ব।
সংবাদমেল খনিত জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে ভোটগ্ৰহণ কেন্দ্ৰত মজুত ৰখা মৌলিক প্ৰয়োজনীয় ব্যৱস্থা সমূহ যেনে, পানী, বিদ্যুৎ, ৰেম্প, হুইল চিয়াৰ, শৌচাগাৰ আদিৰ বিষয়ে সবিস্তাৰে জনায়।
তেওঁ উল্লেখ কৰে যে, শিৱসাগৰ নির্বাচনী জিলাত মুঠ ৫৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে মূল ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৫১২ আৰু সহযোগী ভোটগ্ৰহণ কেন্দ্ৰ (Auxillary Polling Station) -ৰ সংখ্যা হ’ল ৬২ টা।
সংবাদমেল খনত অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে, নিৰ্বাচনী জিলাখনৰ আইন- শৃংখলাৰ পৰিস্থিতি বৰ্তমানে শান্তিপূৰ্ণ তথা স্বাভাৱিক। আগন্তুক নিৰ্বাচনৰ বাবে আৰক্ষী বিভাগৰ তৰফৰ পৰা তিনি তৰপীয়া প্ৰস্তুতি গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, আৰক্ষী জিলাৰ অধীনত ১১ টা মণ্ডল, ৭৬ টা ছেক্টৰ, ৭৮২ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৫১০ টা ভোটগ্ৰহণ ভৱন (polling building) চিনাক্ত কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুশৃংখলিত ভাৱে অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ লগতে সীমান্তবৰ্তী ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো যাতে শান্তিপূৰ্ণ নিৰ্বাচন সম্পন্ন কৰা হয়, তাৰ বাবে ইতিমধ্যে সীমান্তবৰ্তী নাগালেণ্ডৰ তিনিখন জিলাৰ উচ্চস্তৰীয় প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ সৈতে যোৱা ৫ ফেব্ৰুৱাৰীত সৌহাৰ্দ্যপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তিনিওখন জিলাৰ প্ৰতিনিধি সকলে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে।
সংবাদমেল খনিত অংশগ্ৰহণ কৰি নিৰ্বাচন বিষয়া কোকিলা গগৈয়ে নিৰ্বাচন সম্পৰ্কীয় ওজৰ-আপত্তি ফোনযোগে দাখিল কৰিব পাৰিব বুলি উল্লেখ কৰে। এই ফোন নম্বৰ দুটা হ’ল: ০৩৭৭২-২২৩৩৯৭ আৰু ৮৪৭১৮-৬৪৩৫৫। তেওঁ লগতে ট্ৰল ফ্ৰী ভোটাৰ হেল্প লাইন নম্বৰ ১৯৫০ -ৰ বিষয়েও অৱগত কৰে।

Leave A Reply

Your email address will not be published.