বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত

1 335

গুৱাহাটীৰ আদাবাৰী তিনিআলিস্থিত প্ৰাগজ্যোতিষ নেত্ৰালয়ৰ উদ্যোগত আৰু ৰাইজ আলী ক্ৰীড়া সন্থাৰ সহযোগত পহিলা ৰাইজ আলী বজাৰ চ’কত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।শিবিৰত চকু বিশেষজ্ঞ তথা অভিজ্ঞ চিকিৎসক ডাঃ দিবাকৰ ৰঞ্জন কলিতাৰ নেতৃত্বত এটি চিকিৎসকৰ দলে শিশু,মহিলাকে ধৰি মুঠ ১২৯ গৰাকী লোকৰ চকু পৰীক্ষা কৰে।ইয়াৰে ২৫ গৰাকী লোকক প্ৰাগজ্যোতিষ নেত্ৰালয়ত বিনামূলীয়াকৈ চকুৰ কেটেৰেক্ট অস্ত্ৰোপচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।ইয়াৰ উপৰি শিবিৰত উপস্থিত সকলোকে চকু বিশেষজ্ঞ ডাঃ দিবাকৰ ৰঞ্জন কলিতাই মানুহৰ দেহৰ সকলোতকৈ মূল্যবান সম্পদ হিচাপে পৰিচিত চকুযুৰিক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।উল্লেখ্য যে প্ৰাগজ্যোতিষ নেত্ৰালয়ে সময়ে সময়ে গুৱাহাটী মহানগৰীৰ উপৰি পাৰ্শ্বৱৰ্তী অঞ্চলত সমাজৰ দুখীয়া লোক সকলৰ সহায়ৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।

1 Comment
  1. Kaushik kashyap says

    Its an amazong approch towards patient awarness on eye disease. Hope the same will repeat and most of our unawared people can be benefited from such camp.

Leave A Reply

Your email address will not be published.