বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত

0 207

আজি দীপৰ বিলৰ পামহীত মাৰোৱাৰী হস্পিতালৰ এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।মাৰোৱাৰী হস্পিতালৰ প্ৰাক্তন চিকিৎসা অধীক্ষক ডাঃ মিলন বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই শিবিৰত জ্যেষ্ঠ চিকিৎসক সুশান্ত কুমাৰ সাহা আৰু শংকৰ বৰাই চিকিৎসা সেৱা আগবঢ়ায়।জানিব পৰা মতে মুঠ ১০৮ জন ৰোগীয়ে এই বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে।ইয়াৰে বেছি সংখ্যক ৰোগী জ্বৰ,কাঁহ,মূৰৰ বিষ,গাৰ বিষ,পেটৰ বিষ আৰু ডায়েবেটিচ ইত্যাদি ৰোগত আক্ৰান্ত হৈছিল।এই চিকিৎসা শিবিৰত ৰোগীক বিনামূলীয়া ঔষধ,ডায়েবেটিচ পৰীক্ষণ,ৰক্ত চাপ পৰীক্ষণ,ওজন জোখাৰ লগতে বিনামূলীয়াকৈ ডাক্তৰৰ পৰামৰ্শ প্ৰদান কৰা হয়।উল্লেখ্য যে এনে ধৰণৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ জৰিয়তে সমাজত স্বাস্থ্য সজাগতা আৰু স্বচ্ছতাৰ হকে সদায় এক ইতিবাচক প্ৰভাৱ পৰে।এই সুক্ষ্ম পদক্ষেপ সমাজৰ বাবে বৃহৎ সহায়ক হ’ব পাৰে।যাৰ দ্বাৰা লোকসকল অধিক সচেতন হোৱাৰ লগতে বেমাৰৰ বিষয়ে অৱগত হৈ আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰে।

Leave A Reply

Your email address will not be published.