বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

0 245

আজি বাক্সা জিলাৰ বৰমাত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।উত্তৰ-পূব ক্ষুদ্ৰ বিত্তীয় ব্যৱসায় প্ৰতিষ্ঠানৰ লগ হৈ পতা এই অনুষ্ঠানৰ নেতৃত্ব লয় ড০ বিপুল কান্ত বৰুৱা আৰু শংকৰ বৰাই।এই বিনামূলীয়া স্বাস্থ্য শিবিৰত মুঠ ১৩০ জন ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।ইয়াত বিনামূলীয়াকৈ মধুমেহ, ৰক্তচাপ পৰীক্ষা,ওজন জোখাৰ লগতে বিনামূলীয়া ঔষধ দিয়া হয়।উল্লেখ্য যে আজি পৰীক্ষণ কৰা ৰোগীসকল প্ৰধানকৈ জ্বৰ,কাঁহ,মূৰৰ বিষ,গা বিষ,পেটৰ বিষ আৰু ডায়েবেটিচ সম্বন্ধীয় ৰোগত আক্ৰান্ত হৈছিল।

Leave A Reply

Your email address will not be published.