বিশ্বনাথত ক`ভিড১৯ টিকা হৰ ঘৰ দস্তক অভিযানৰ দ্বাৰা বিনামূলীয়া প্ৰতিষেধক পূৰ্ণ গতিত প্ৰদান

0 273

ওঠৰ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে বিনামূলীয়া টিকাকৰণৰ অভিযানত বিভিন্ন স্থানত ৰাইজক টিকাকৰণৰ লোৱাৰ সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে টিকাকৰণ অভিযানৰ সফল ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সমান্তৰালকৈ ৰাজ্যখনৰ আন আন ঠাইৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগেও “হৰ ঘৰ দস্তক” টিকাকৰন সজাগতা অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে ৰাজ্যখনত কভিড টিকাকৰন সম্পূৰ্ণ কৰিবলৈ চৰকাৰে অাৰম্ভ কৰিছে ” হৰ ঘৰ দস্তক ” অভিয়ান ২৯ নৱেম্বৰ পৰা ৫ ডিচেম্বৰ ২০২১ লৈকে প্ৰত্যেক জিলাৰ প্ৰতিটো গাঁৱৰ ঘৰে ঘৰে প্ৰথম পালিৰ এশ শতাংশ টিকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে “হৰ ঘৰ দস্তক” সজাগতা অভিয়ান কৰা হৈছে । সমান্তৰাল কৈ বিশ্বনাথ জিলা প্ৰশাসনৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ সহযোগত আজি পঞ্চায়তৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত অন্তৰ্গত চিজুছা বনাঞ্চলৰ এলেকা সমুহৰ বিভিন্ন ৱাৰ্ডত”হৰ ঘৰ দস্তক” সজাগতা অভিযানৰ দ্বাৰা প্ৰথম পালিৰ লগতে দ্বিতীয়টো পালিৰ কভিড ১৯ ৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হৈছে। আজিৰ অভিযানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, বিশ্বনাথ প্ৰশাসনৰ হৈ নদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীৰ লগতে বিডিঅ পুলক শৰ্মাক প্ৰমূখ্য কৰি কেইবাজনো স্বাস্থ্য কৰ্মী উপস্থিত থাকে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.