বিশ্ব কৰ্কট দিৱস উদযাপন

0 271

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত কালি বিশ্ব কৰ্কট দিৱস  উদযাপন  হয় । এই দিৱসৰ লগত সংগতি ৰাখি ভঙাগড়স্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰশাসনীয় ভৱনৰ চেমিনাৰ হলত এক সংবাদমেলৰ অনুষ্ঠিত হয় । সংবাদমেলত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাক্টৰ বিভাষ চন্দ্ৰ গোস্বামীয়ে কয় যে অসমত কৰ্কট ৰোগীৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাই গৈ আছে । আমি সকলোৱে জানো যে কৰ্কট ৰোগীগৰাকীয়ে নহয় বৰঞ্চ তেওঁৰ সম্পূৰ্ণ পৰিয়ালটো  অৰ্থনৈতিক তথা সামাজিক ভাৱে ক্ষতিগ্ৰস্ত হয় । আজিৰ দিনটোত আমি আটায়ে কৰ্কট ৰোগীৰ সংখ্যা কিদৰে হ্ৰাস কৰিব পাৰো সেই বিষয়ত পণ লোৱা উচিত । বৰ্তমান অসমত কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা সুলভ হৈছে যদিও যিমান প্ৰয়োজন সিমান উপলব্ধ হোৱা নাই । আমি এই দিৱস উদযাপন কৰি এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিছো। সংবাদমেলত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ চিকিৎসা উপদেষ্টা  ডাক্টৰ নিৰ্মল কুমাৰ হাজৰিকাই কয় যে এতিয়াও সমাজত কৰ্কট ৰোগৰ প্ৰতি সজাগতাৰ অভাৱ দেখা যায় । এইবাৰৰ কৰ্কট দিৱসৰ মূল বিষয় I AM I WILL ৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে । ইয়াৰ অৰ্থ এয়ে যে প্ৰতিজন দায়িত্বশীল মানুহে কৰ্কট ৰোগীসকলৰ লগত থিয় দিব লাগে । তেওঁলোকক সাহস দিব লাগে , তেওঁলোকক বুজিব লাগে । বুজাব লাগে যে কৰ্কট মানেই মৃত্যু নহয় । ইয়াৰ চিকিৎসা আছে । সোনকালে ধৰা পৰিলে ই সম্পূৰ্ণ ৰূপে নিৰাময় হয় ।কিন্তু এতিয়াও অসমত ৭০% ৰোগীৰ পলমকৈ কৰ্কট ৰোগ ধৰা পৰে । আনহাতে সংবাদ মেলত প্ৰতিষ্ঠানখনৰ পেলিয়েটিভ কেয়াৰ বিভাগৰ মুৰব্বী ডাক্টৰ  অৰুণ ডেকাই কৰ্কট ৰোগীক পেলিয়েটিভ কেয়াৰে কিদৰে যন্ত্ৰনামুক্ত কৰে তাৰ বিষয়ে সদৰী কৰি কয় যে কৰ্কট ৰোগ চিনাক্ত হোৱাৰ প্ৰথম দিনটোৰ পৰাই পেলিয়েটিভ কেয়াৰ আৰম্ভ কৰিব লাগে যদিও অসমত এনে হোৱা দেখা নাযায় । কিয়নো এই বিষয়ত মানুহ সজাগ নহয় । বহুতে ভাবে ৰোগীসকলৰ শেষ সময়তেহে এই চিকিৎসাৰ প্ৰয়োজন হয় । পেলিয়েটিভ চিকিৎসাই ৰোগীজনক ৰোগটোৰ সৈতে যুজঁ কৰিবলৈ মানসিক তথা শাৰীৰিক ভাবে সাহস দিয়ে । আমি ৰোগীসকলৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক দিশত চিকিৎসা কৰো ।৮ খন বিচনাযুক্ত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আমি সম্পুৰ্ণ বিনামূলীয়াকৈ পেলিয়েটিভ চিকিৎসা প্ৰদান কৰো ।সংবাদমেলত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পেলিয়েটিভ কেয়াৰৰ ৰাজ্যিক তত্বাৱধায়ক ডাক্টৰ সংঘমিত্ৰা বৰাৰ লগতে কেবাগৰাকীও চিকিৎসক , নাৰ্ছ উপস্থিত থাকে । উল্লেখ্য যে কৰ্কট দিৱস উপলক্ষে  প্ৰতিষ্ঠানখনৰ সকলো ৰোগীৰ মাজত ফলমূল আৰু লঘু আহাৰ বিতৰণ কৰা হয় ।খবৰ যুগুতালে হীৰক জ্যোতি ভট্টাচাৰ্যই।

Leave A Reply

Your email address will not be published.