বিশ্ব ধৰিত্ৰী দিৱসৰ বিশেষ-পৃথিৱীখন ক্ৰমাৎ সুস্থ হৈ উঠিছে

0 295

যি কাম নীতি নিয়ম বলবৎ চৰকাৰ,প্ৰশাসনে কৰিব পৰা নাছিল সেই কাম ক’ভিড ১৯য়ে সম্ভৱ কৰি তুলিলে।লক ডাউনৰ বাবে পৃথিৱীলৈ সুস্থিৰ অৱস্থা ঘূৰি আহিল।
 
 
 
আজি বিশ্ব ধৰিত্ৰী দিৱস।সমগ্ৰ বিশ্বৰ ১৯২ খন দেশে এই দিৱস পালন কৰিছে।অৱশ্যে আমেৰিকাত এই দিৱস বৃক্ষ দিৱস হিচাপেহে পালন কৰিছে।
 
 
 
বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ প্ৰকৃতিলৈ ক্ৰমে সুস্থ অৱস্থা ঘূৰি আহিছে।জনতাৰ লক ডাউনে সমূহ প্ৰদূষণ কমাই আনিলে।বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ নোহোৱাৰ ফলস্বৰুপে প্ৰকৃতিয়ে নকৈ প্ৰাণ পাই উঠিল।
 
 
 
ঠিক সেইদৰে পশু,পক্ষীয়ে মুক্ত মনে বিচৰণ কৰিব পাৰিছে।মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰতো দেখা গৈছে পক্ষীৰ সুমধুৰ কোলাহল।নদী,হ্ৰদ,জলাশয়ৰ পানী পূৰ্বতকৈ স্ফটিক হৈ পৰিছে।
 
 
অ’জনৰ স্তৰ পূৰ্বতকৈ সুস্থিৰ হৈ পৰিছে ।বিশেষজ্ঞ সকলৰ মতে বায়ুত গেছীয় পদাৰ্থৰ পৰিমাণ কমি গৈছে,যাৰ ফলস্বৰুপে অ’জনৰ স্তৰ সুস্থিৰ অৱস্থালৈ আহিছে।
 
 
 
 
উদ্যোগ কল কাৰখানা,গাডী মটৰ,উৰা জাহাজৰ পৰা নিৰ্গত হোৱা গেছীয় পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি তোলে।আনহাতে ৰেল,পৰিবহন ব্যৱস্থাই ভূগৰ্ভত কম্পনৰ সৃষ্টি কৰে।ভূবিজ্ঞানীৰ মতে ভূগৰ্ভৰ আভ্যন্তৰীণ ভাগতো পৰিবৰ্তনে দেখা গৈছে।সেয়ে একাংশই কয় যে প্ৰকৃতিয়ে নিজকে নিজেই ৰিফাইন কৰিছে।
 
 
 
পৃথিৱীখন আমাৰ,ইয়াক সুস্থ কৰি ৰখাটোও আমাৰ সকলোৱে দায়িত্ব।সেই অনুসৰি যিমান পাৰে বৃক্ষ ৰোপন কৰক,প্লাষ্টিক বৰ্জন কৰক,প্ৰদূষণ সৃষ্টি কৰিব পৰা সকলো কাৰকৰ পৰা বিৰত থাকক।কাৰণ পৃথিৱী থাকিলে আপুনি থাকিব।
 
সংগীতা শইকীয়া।
সম্পাদক

Leave A Reply

Your email address will not be published.