বিশ্ব পৰিবেশ দিৱসৰ বিশেষ-প্ৰকৃতিক সংৰক্ষণ কৰক

0 1,033

আজি  বিশ্ব পৰিৱেশ দিৱস। এই দিৱস উদযাপনৰ প্ৰধান কাৰণ হ’ল পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰা। আচলতে প্ৰকৃতি আৰু মানুহৰ মাজত বিশেষ সম্বন্ধ আছে। প্ৰকৃতিৰ অবিহনে এই পৃথিৱীত জীৱন ধাৰণ কৰাটো অসম্ভৱ।
 
 
এই কথাৰ গুৰুত্ব বুজিয়েই সংযুক্ত ৰাষ্ট্ৰ সংঘই ৫জুনত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭২চনৰ ছুইডেনৰ ষ্টকহোমত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস উদযাপন হয়। এই দিৱসত ১৯১খন দেশে অংশ লৈছিল।
 
 
আচলতে আমি প্ৰকৃতিৰ পৰা বিশুদ্ধ বায়ু, পানী আৰু বসবাস কৰাৰ বাবে মাটি বিচাৰি পাওঁ।দিনে দিনে বৃদ্ধি পোৱা গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বৃদ্ধি আৰু  আদিয়ে পৰিবেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হ’ল জৈৱ বৈচিত্ৰ্যতা উদযাপন কৰা।
 
 
ভাৰতত ১৯৮৬ৰ ১৯নৱেম্বৰত পৰিৱেশ সংৰক্ষণৰ অধিনিয়ম প্ৰতিষ্ঠা হৈছিল। ক’ৰণা ভাইৰাছৰ বাবে দিয়া লকডাউনে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থালৈ বৃহৎ পৰিৱৰ্তন আনিলে। লকডাউনৰ ফলত পানী, বায়ুৰ প্ৰদুষণৰ মাত্ৰা কমিল। প্ৰকৃতিয়েও নতুনকৈ জীৱন পাবলৈ সক্ষম হ’ল। বনাঞ্চল ধ্বংস যজ্ঞই কেৱল জীৱ জন্তুকে ক্ষতি নকৰে, ই ক্ষতি কৰে মানৱ জাতিকো।আহক আমি সকলোৱে মিলি বিশ্ব পৰিৱেশ দিৱস পালন কৰো। প্ৰকৃতিৰ লগতে নিজকে বচাই জীৱনটো উদযাপন কৰো।

Leave A Reply

Your email address will not be published.