বিশ্ব বন্যপ্ৰাণী দিৱসৰ ইতিবাচক খবৰ-কেম্পা আঁচনিৰ জৰিয়তে হস্তীৰ বাবে ঘাঁহ ৰোপন কৰিব

0 316

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই বিশেষ দিনটোত প্ৰকাশ পাইছে এক আশাব্যঞ্জক খবৰ। কেম্পা আঁচনিৰ অধীনত চৰকাৰে বিভিন্ন ঠাইত ৰোপন কৰিব ঘাঁহ জাতীয় উদ্ভিদ ।ইতিমধ্যে নগাঁও আৰু কাৰ্বিআলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এই কাম সমূহ ৰূপায়নৰ যো জা চলিছে।
 
 
 
জানিব পৰা মতে প্ৰায় ১০০হেক্টৰ ভূমি বনবিভাগে ঘাঁহ ৰোপন কৰিব। উল্লেখযোগ্য যে চেপানলাৰ প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই  নগাঁও আৰু কাৰ্বিআলং জিলাত  হাতীবন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ২০০ বিঘা ভূমিত বনৰীয়া হাতীয়ে খোৱাৰ বাবে ধান খেতি কৰি বিশেষ সফলতা লাভ কৰিছিল।এই সম্পৰ্কে বনবিভাগৰ ডি এফ অ’ ৰাজেন চৌধুৰীয়ে জানিবলৈ দিয়া মতে  আহমেদাবাদৰ বিভিন্ন সংস্থাৰ পৰা ঘাঁহ আনি ৰোপনৰ ব্যৱস্থা কৰিছে।
 
শেহতীয়াকৈ চৰকাৰে বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাত দূৰ কৰিবলৈ ঘাঁহ ৰোপন কৰি যি আঁচনি গ্ৰহণ কৰিছে,সেই আঁচনিৰ জৰিয়তে বহুখিনি উপকৃত হ’ব বুলি সচেতন মহলে ব্যক্ত কৰিছে।

Leave A Reply

Your email address will not be published.