বিহু কমিটিয়ে নিদৰ্শন দেখুৱালে

0 292

বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু হোৱাৰ সময় আছিল এয়া। কিন্তু বিধিৰ বিপাকত এইবাৰ যেন প্ৰকৃতিলৈ ধুমুহা জাক বৰ বেয়াকৈ আহিল। তচনচ হৈ গ’ল সকলো।
 
বিগত বৰ্ষ বোৰৰ দৰে এইবাৰো হয়তো জজি সন্মিলিত উদীয়মান যুৱ মঞ্চ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হ’লহেতেন। কিন্তু এইবাৰ আৰু সমগ্র অসমৰ লগতে জজিত  ঢোলৰ ৰগৰ নুঠে, নাচনীয়ে নানাচে। সেয়েহে এই দুৰ্দিনত আৰ্তজনৰ ওচৰত থিয় হৈ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ বাবে থকা সাঁচতীয়া ধনেৰে কিছু দিয়াৰ চেষ্টা কৰে যুৱমঞ্চৰ যুৱক সকলে।
 
আজি জজি সন্মিলিত উদীয়মান যুৱ মঞ্চৰ সদস্যসকলে অঞ্চলটোৰ তিনিখন গাঁৱৰ প্ৰায় ১৫০ ঘৰ দুখীয়া পৰিয়ালক চাউল, দাইল, নিমখ, মিঠাতেল, আলু আদি  আগবঢ়ায়।নিজৰ সামৰ্থ্য অনুযায়ী বিহুৰ বাবে সাচঁতীয়া ধনেৰে দুখীয়া পৰিয়ালৰ সকাহ যোগায় বিহু কমিটিৰ সভাপতি প্ৰাঞ্জল দাসে। লগতে আন আন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানসমূহকো দুখীয়া পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.