বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হওক

0 282

ৰাজ্যবাসীয়ে আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পাৰিব। কেৱল অসমতেই নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইতো সূৰ্যগ্ৰহণ প্রত্যক্ষ কৰিব পাৰিব। উল্লেখযোগ্য যে আজিৰ সূৰ্যগ্ৰহণটো হৈছে চলিত বর্ষৰ প্রথমটো সূর্যগ্রহণ। প্ৰথমটো সূৰ্যগ্ৰহণ সম্পূৰ্ণৰূপে নহ’লেও আংশিকভাৱে পৰিলক্ষিত হৈ পৰিব অসমৰ আকাশত৷
 
 
ঠিক তেনেদৰে গুৱাহাটী মহানগৰীৰ আকাশত ফলয় গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ’ব পুৱা ১০ বাজি ৫৭ মিনিটত আৰম্ভ হৈ দিনৰ ২ বাজি ২৪ মিনিটত অন্ত পৰিব। মহানগৰবাসীয়ে সম্পূৰ্ণ ১০০শতাংশ নহ’লেও ১২বাজি ৪৫বজাত ৮০শতাংশ মান চাব পাৰিব। অৱশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন সময়ত এই সূৰ্যগ্ৰহণ দেখিব বুলি জনা গৈছে।
 
ইয়াৰ উপৰিও ৰাজস্থান, পঞ্জাৱ আদি ৰাজ্যত থকা লোকসকলেও দেখিব এই বিৰল মহাজাগতিক পৰিঘটনা। ৰাজ্যত মহানগৰীৰ উপৰি ডিব্রুগড়ত এই সূৰ্যগ্ৰহণ আৰম্ভ হ’ব পুৱা ১১ বাজি ০৭ মিনিটত আৰু দৃশ্যমান হ’ব দিনৰ ২ বাজি ২৯ মিনিটলৈকে। উল্লেখযোগ্য যে ৰাজ্যৰ ভিতৰত ডিব্রুগড় জিলাত সকলোতকৈ দেৰিকৈ অৰ্থাৎ চাৰি ঘণ্টাৰ পাছত ২ বাজি ২৯ মিনিটত অন্ত পৰিব আজিৰ এই বলয় গ্রাস সূর্যগ্রহণৰ মহাজাগতিক পৰিসৰৰ পৰিঘটনা।
স্মৰ্তব্য যে চলিত বর্ষৰ ১৪ ডিচেম্বৰত হ’ব আন এটা পূর্ণগ্রাস সূর্যগ্রহণ। কিন্তু ১৪ডিচেম্বৰৰ সূর্যগ্রহণটো সমগ্ৰ বিশ্বৰে কেৱল দক্ষিণ আমেৰিকাৰ পৰাহে ভালদৰে পৰিলক্ষিত হ’ব।

Leave A Reply

Your email address will not be published.