বৃদ্ধি পাইছে এভাৰেষ্টৰ উচ্চতা-নেপালৰ ঘোষণা

0 275

বৃদ্ধি হ’ল বিশ্বৰ উচ্চতম পৰ্বত শৃংগ মাউন্ট এভাৰেষ্টৰ উচ্চতা।নেপাল চৰকাৰে আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰিছে । নেপালৰ বিদেশ মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি মাউন্ট এভাৰেষ্টৰ সংশোধিত উচ্চতা হ’ল ৮৮৪৮.৮৬ মিটাৰ।
অৰ্থাৎ পূৰ্বৰ উচ্চতা ৮৮৪৮ মিটাৰতকৈ ০.৮৬ মিটাৰ বৃদ্ধি হ’ল মাউন্ট এভাৰেষ্টৰ উচ্চতা।উল্লেখ্য যে ১৩ অক্টোবৰ ২০১৯ ত মাউন্ট এভাৰেষ্টৰ উচ্চতা জোখাৰ বাবে নেপাল আৰু চীনৰ মাজত পাৰস্পৰিক চুক্তি সম্পন্ন হৈছিল।
উল্লেখ্য যে ২০১৫ চনত বৰভূঁইকম্পৰ পিছত ভূ-বিজ্ঞানীয়ে মাউন্ট এভাৰেষ্টৰ উচ্চতা হ্ৰাস পোৱা বুলি অনুমান কৰিছিল।

Leave A Reply

Your email address will not be published.