বেতকুছিত আই অ চি এল চৌহদত দুৰ্যোগ প্ৰশমনৰ বৃহৎ যৌথ আখৰা সম্পন্ন

0 234

গুৱাহাটীৰ বেতকুছিস্থিত ভাৰতীয় তেল নিগম লিমিটেডৰ ( আই অ চি এল ) চৌহদত ১৯ আগষ্টত উদ্যোগিক দুর্ঘটনাৰ প্ৰশমন বিষয়ক এক বৃহৎ যৌথ আখৰা সম্পন্ন হয় । আখৰাত আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ ) ৰ উপৰিও অসম আৰক্ষীৰ অগ্নি আৰু আপাদ কালীন সেৱা , ১০৮ মৃত্যুঞ্জয় সেৱা , স্বাস্থ্য বিভাগ আৰু আই অ চি এলৰ প্ৰায় ১৫০ গৰাকী বিষয়া , উদ্ধাৰকাৰী কৰ্মীয়ে ভাগ লয়।
 
 
 
 
আনহাতে অসম চৰকাৰৰ ফেক্টৰী সমূহৰ পৰিদৰ্শক এ কে ভট্টাচাৰ্যৰ তত্বাৱধানত অনুষ্ঠিত যৌথ আখৰাত এন ডি আৰ এফৰ দলটোৱে তেল , গেছকে ধৰি উদ্যোগিক ক্ষেত্ৰ বা চৌহদত দুৰ্ঘটনা সংঘটিত হ’লে আক্ৰান্ত তথা আবদ্ধ লোকসকলক তৎক্ষণাত কিদৰে সুৰক্ষিত ভাবে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিব লাগিব , উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান , প্ৰাথমিক চিকিৎসা প্ৰদান আদিৰ প্ৰদৰ্শনৰ লগতে প্ৰশিক্ষণ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.