বোকাখাতত হাতীৰ বিজয়ধ্বজাঃ নিজৰে অভিলেখ ভংগ কৰি বিপুল ভোটত পুনৰ জয়ী অতুল বৰা

0 213

পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেইয়া বিজেপি দলেহে ঠিক কৰিব ৷মিত্ৰতাৰ সূত্ৰে অগপ দলে যিজনেই মুখ্যমন্ত্ৰী হ’ব তেওঁকেই সমৰ্থন কৰিব ৷ বিজয়ী হোৱাৰ পাছত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে অগপৰ কেন্দ্ৰীয় সভাপতি মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই ৷ অগপ দলৰ মন্ত্ৰীত্ব সম্পৰ্কতো অতুল বৰাই পৰৱৰ্তী সময়তহে সিদ্ধান্ত ল’ব বুলি কয় ৷ অসমৰ অধিকাংশ ভোটাৰে আশা কৰা ধৰণেই মিত্ৰজোঁটৰ চৰকাৰ পুনৰ ৰাজ্যত গঠন হ’ব আৰু এই চৰকাৰে ৰাজ্যখনৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি যাব ৷ অসম গণ পৰিষদৰ প্ৰাসংগিকতা সদায়েই আছে আৰু থাকিব৷ আজি বিপুল সংখ্যক ভোটত বিজয়ী হৈ সাংবাদিকৰে হোৱা মত বিনিময়ত এইদৰে ব্যক্ত কৰে অতুল বৰাই ৷ উল্লেখ্য যে, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মিত্ৰজোঁটৰ বোকাখাত সমষ্টিৰ প্ৰাথীৰ অতুল বৰাই নিজৰে পূর্বৰ অভিলেখ ভংগৰে ৭২৯৩০ টা ভোট লাভ কৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় ৷ বিপৰীতে তেওঁৰ নিকটতম মহাজোঁটৰ প্ৰার্থী প্ৰণৱ দলেয়ে ২৭৭৪৯ টা ভোটতে সন্তুষ্ট থাকিব লগা হয় ৷ উল্লেখ্য যে, ২০১৬ চনত বোকাখাত সমষ্টিৰ পৰাই বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল অতুল বৰাই ৷ ২০১৬ বর্ষৰ ১৯ মে’ত ওলোৱা ফলাফলত অতুল বৰাই ৬২,৯৫২ টা ভোট লাভেৰে বিজয়ী হৈ পূর্বৰ সকলো বিজয়ী প্ৰার্থীৰে অভিলেখ ভংগ কৰিছিল ৷ এইবাৰ পূর্বতকৈও অধিক ভোট লাভ কৰি অতুল বৰাই নিজৰেই অভিলেখ ভংগ কৰে ৷ নিকটতম প্ৰার্থী প্ৰণৱ দলেক ৪৫১৮১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে অতুল বৰাই ৷ উল্লেখ্য যে, মুঠ ১৬ টা চক্ৰত আজি পুৱাৰ পৰা আৰম্ভ হোৱা ভোট গণনাৰ ফলাফল প্ৰায় ৪ বজাত ঘোষণা কৰা হয় ৷ লক্ষ্যণীয় যে, বোকাখাত সমষ্টিৰ পৰা এইবাৰ মুঠ ১১ জন প্ৰাথীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ সেই অনুসৰি, বাকী ৮ জন প্ৰার্থীৰ ভিতৰত প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৫৪৫৩ টা, ৰাইজৰ দলৰ জীৱন চন্দ্ৰ বৰাই ৩২৮১, অসম জাতীয় পৰিষদৰ ৰেৱকান্ত গগৈয়ে ২২৯৫ টা, আৰ টি আই কৰ্মী দুলাল বৰাই ১৫২১ টা, বিজয় কুটুমে ৯৬৯ টা, এন চচি পিৰ মৃদুল শইকীয়াই ৯৬১ টা, চাইমন তাঁতীয়ে ৬৩৯ টা, হেমন্ত দলৈয়ে ৯২৭ টা, দীনেশ কর্মকাৰে ৯১২ টা ভোট লাভ কৰে ৷ ন’টা ভোটৰ সংখ্যা ২৪৬৫ টা ৷ উল্লেখ্য যে, বোকাখাত সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১,৪৭,৪৮৭ জন ৷ ভোটদান কৰে মুঠ ১,১৯,৩৪২ জন ভোটাৰে ৷ মুঠ ডাকযোগে দিয়া ভোটৰ সংখ্যা হৈছে ১৬৬৩ টা ৷ তাৰে ভিতৰত মুঠ বৈধ ভোটৰ সংখ্যা হৈছে ১৫০২ ৷ ইয়াৰ ভিতৰত অতুল বৰাই ৮৬৩ টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰণৱ দলেই লাভ কৰে ৩৪৪ টা ভোট ৷ মুঠ অগ্ৰাহ্য ডাক ভোটৰ সংখ্যা ১২৮ টা ৷ যোৱা পাঁচটা বছৰে বোকাখাতত হোৱা ব্যাপক উন্নয়ণৰ বাবেই এনেদৰে বিপুলসংখ্যক ভোটেৰে ৰাইজে মোক সমর্থন জনাইছে ৷ আগন্তুক দিনবোৰতো মই ৰাইজৰ স্বার্থত, সমষ্টিৰ স্বার্থত কাম কৰি যাবলৈ সংকল্প গ্ৰহণ কৰিছোঁ ৷ নিজৰ বিজয়ত সুখী হৈ সাংবাদিকৰে হোৱা কথা-বতৰাত অতুল বৰাই এনেদৰে কয় ৷ বৰাই বোকাখাতাবাসী ৰাইজ, অগপ-বিজেপিৰ সমূহ কৰ্মকৰ্তা, বোকাখাতৰ সাংবাদিক সকলোকে কৃতজ্ঞতা জনায় ৷ ইফালে আজি ফলাফল ঘোষণাৰ পিছতে অতুল বৰাৰ সমৰ্থকসকলে ক’ভিডৰ সকলো নীতি-নির্দেশনা মানি চলাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.