ব্যক্তিগত প্ৰচেষ্টাত পথ নিৰ্মাণ কৰিলে অৱসৰপ্ৰাপ্ত অভিযন্তাই

0 269

এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী অভিযন্তা।তেখেতে নিজৰ সাঁচতীয়া ধনেৰে  পকী পথ নিৰ্মাণ কৰিলে।
 
 
অঞ্চলবাসীৰ দুখৰ সমভাগী হৈ সত্যেন লাহন নামৰ ব্যক্তিজনে ২৩৮ মিটাৰ দৈৰ্ঘ্যৰ এটি পথ নিৰ্মাণ কৰি দিলে । চৰকাৰী দান অনুদানৰ প্ৰতি ৰৈ নাথাকি শিৱসাগৰৰ কোঁৱৰপুৰ লাহন গাঁও হাড়মতী গড় সংযোগী পথটো দেওবাৰে ৰাইজে উচৰ্গা কৰিলে।
 
 
 
গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যেন লাহনে পিতৃ লোকনাথ লাহন আৰু মাতৃ সৰুমাই লাহনৰ স্মৃতিত নিৰ্মাণ কৰা পথটো এতিয়াৰে পৰা লাহন ন আলি হিচাপে পৰিচিত হ’ল।
 
পথটো নিৰ্মানত সত্যেন লাহনে  সাত লাখ টকা ব্যয় কৰিছে।উক্ত পথটো  ৮মাৰ্চত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া পংকজ প্ৰতিম বৈৰাগীয়ে নৱ নিৰ্মিত পথটো শুভ উদ্বোধন কৰে।
 
 
 
 
কেৱল পথ নিৰ্মাণেই নহয়, প্ৰকৃতিপ্ৰেমী সত্যেন লাহনে নৱ নিৰ্মিত পথচোৱাৰ দুয়োকাষে এশটা বকুলৰ পুলি ৰোপন কৰিছে।সত্যেন লাহনৰ এনে  কৰ্মক সচেতন মহলে  শলাগ লৈছে।
 
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.