ব্যতিক্ৰমী কৰ্মৰ বাবে চৰ্চিত হৈ পৰা যুৱকজনৰ কথাৰে

0 256

সোণাৰি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ। পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালকৈ থলুৱা লোকবাদ্য পৰিৱেশনৰ প্ৰতি বিশেষভাৱে আগ্ৰহী ছাত্ৰজন।
নিয়মীয়াকৈ পঢ়া শুনা কৰাৰ লগতে আজৰি সময়ত থলুৱা লোকবাদ্য নিৰ্মাণ তথা পৰিৱেশন কৰি চৰ্চালৈ আহিছে সেইজন ছাত্ৰ। আজি আমি এইগৰাকী ছাত্ৰক চিনাকি আপোনালোকৰ আগত পৰিচয় কৰি দিবলৈ বিচাৰিছো।
সোণাৰি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ মানৱজ্যোতি বৰুৱা। চৰাইদেউ জিলাৰ জুটুলনিৰ বাসিন্দা এই ছাত্ৰজন এতিয়া ব্যস্ত থলুৱা লোকবাদ্য নিৰ্মাণ কৰাত। নিয়মীয়াকৈ পঢ়া-শুনা কৰাৰ লগতে ম’হৰ শিঙৰ পেঁপা, গগনা, সুতুলি, টকা, কৰতাল, আদি নিৰ্মাণ কৰাৰ লগতে নাচনীৰ খোপা শুৱনি কৰা কাকৈ ফনি তথা ঢোলৰ মাৰি নিৰ্মাণত ব্যস্ত ছাত্ৰজন।
সৰুৰেপৰাই অসমীয়া সংস্কৃতিৰ লোকবাদ্যৰ প্ৰতি বিশেষ ভাৱে আগ্ৰহী এইগৰাকী ছাত্ৰই প্ৰমাণ কৰিছে যান্ত্ৰিকতাৰ যুগত যে এতিয়াও নৱপ্ৰজন্মই পাহৰা নাই থলুৱা লোকবাদ্যৰ কথা।
মানৱজ্যোতিয়ে সম্বন্ধীয় ককায়েক এজনৰ ওচৰত এই লোকবাদ্য সাজিবলৈ চেষ্টা কৰিছিল নৱম শ্ৰেণীত পঢ়ি থকা সময়তে। লোকবাদ্য বজোৱাৰ লগতে নিৰ্মাণতো পাৰদৰ্শী এইগৰাকী ককায়েকৰ অনুপ্ৰেৰণাতে মানৱজ্যোতিয়ে পঢ়া-শুনাৰ মাজতে আজৰিসময়ত সাজি উলিয়াইছিল ঢোলৰ মাৰি, গগণা, বাঁহৰ সুতুলী, টকা, কাকৈ ফনি, কৰতালকে ধৰি বিভিন্ন থলুৱা বাদ্য। লোকবাদ্য নিৰ্মাণৰ প্ৰতি হেঁপাহ বৃদ্ধি হোৱাৰ লগে লগে শিৱসাগৰৰ প্ৰসিদ্ধ লোকবাদ্য নিৰ্মাতা দ্বিজেন গগৈৰ ঘৰত কিছুদিন থাকি ২০১৭ বৰ্ষতে মানৱজ্যোতিয়ে এইসমূহ নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।
প্ৰশিক্ষণ গ্ৰহণ কৰি আহি মানৱে ৰৈ থাকিব লগীয়া হোৱা নাই। প্ৰতিদিনে আজৰি সময়ত নিৰ্মাণ কৰি আহিছে বিভিন্ন থলুৱা বাদ্য। উল্লেখ্য যে এইগৰাকী প্ৰতিভাৱান যুৱকে ম’হৰ শিঙৰ পেঁপাৰ লগতে শেহতীয়াকৈ বাঁহৰ পেঁপাও সাজি উলিয়াইছে। যিটো দেখাত আৰু বজোৱাত মহৰ শিঙৰ পেঁপাৰ দৰে।
কিছুদিন পূৰ্বে মানৱজ্যোতিৰ এই সাংস্কৃতিক যাত্ৰাৰ খবৰ লবলৈ যাওঁতে দেখা পাইছিলো ঘৰত অসংখ্য গগণা, বাঁহৰ কাকৈ ফনি, ঢোলৰ মাৰি লগতে কেইবাটাও মহৰ শিঙৰ যুৰীয়া পেঁপা, বাঁহৰ টকা, বাঁহী আদি সাজি ৰাখিছিল। তেওঁ জানিবলৈ দিয়া অনুসৰি ৰঙালী বিহুৰ আগে আগে এইবোৰ বিহুৱা-বিহুৱতীসকলক যোগান ধৰা হব। তাৰোপৰি চাহিদা অনুসৰি যোগান ধৰিবলৈ কেতিয়াবা অসুবিধা হয় বুলিহে মন্তব্য কৰে।
ইয়াৰ পৰা বুজা যায় যে লোকবাদ্য বজোৱা লোক বহুত আছে যদিও কিন্তু নিৰ্মাতাৰ সংখ্যা নগণ্য। আনহাতে কথা প্ৰসংগত মানৱজ্যোতিয়ে ৰাজপথৰ আন্দোলন লগতে যুৱ প্ৰজন্মই অৰ্থনৈতিক, সাংস্কৃতিক আন্দোলন গঢ়ি তোলা প্ৰয়োজন বুলি মন্তব্য কৰে। সাংস্কৃতিক ভাৱে চহকী অসমীয়া যুৱক-যুৱতীসকলে সাম্প্ৰতিক সময়ত পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ কৱলত পৰা বুলিও আক্ষেপ প্ৰকাশ কৰে।
মন কৰিবলগীয়া যে লোকবাদ্য বজোৱা লোক বহুত আছে কিন্তু এইসমূহ নিৰ্মাণ কৰা মানুহৰ সংখ্যা অতি নগন্য। যাৰ বাবে এইসমূহ বিচাৰি বিহুৱা বিহুৱতীসকলে বহুসময়ত বিমোৰত পৰাও পৰিলক্ষিত হয়। আনহাতে এই ক্ষেত্ৰত মানৱজ্যোতি এই বাবেই অনন্য, কাৰণ যিসময়ত নৱপ্ৰজন্মৰ বহুতেই লোকবাদ্য বজোৱাটো দূৰৰ কথা চিনিয়েই নাপায় তেওঁলোকে। কিন্তু তাৰ বিপৰীতে মানৱজ্যোতিয়ে নিজে বজোৱাৰ লগতে এইসমূহ আটকধুনীয়া কৈ সাজি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ প্ৰয়াস কৰিছে।
সমান্তৰালকৈ এই লোকবাদ্য নিৰ্মাণৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ বাছি লৈছে মানৱজ্যোতিয়ে । আমাক জানিবলৈ দিয়া মতে গগণা এটা দাম এশ টকা, বাঁহৰ সুতুলী এটাত পঞ্চাছ টকা, কাকৈ ফনি এখনত এশ টকা। আনহাতে মহৰ শিঙৰ পেঁপাৰ মূল্য এহাজাৰৰ পৰা চাৰি হাজাৰলৈ। এখন কটাৰি তথা হেকচু ব্লেডেৰে সামগ্ৰী সমূহ তৈয়াৰ কৰাত বহু সময় খৰচ হোৱা বাবেই চাহিদা পূৰণ কৰিবলৈ বহু সময়ত অসমৰ্থ হয় বুলি জানিবলৈ দিয়ে যঙৱকজনে। আনহাতে বৰ্তমানে এইসমূহ নিৰ্মাণ কৰি ঋতু অনুযায়ী ভাল উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও কয়।
যি সময়ত নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে তথ্য প্ৰযুক্তিবিদ্যাৰ কৃপাত প্ৰতিযোগিতাৰ দৌৰত হাবাথুৰি খোৱা বুলি অভিযোগ উত্থাপন হৈছে সেই সময়ত থলুৱা লোকবাদ্য নিৰ্মাণ কৰি উপাৰ্জনৰ পথ বাছি লোৱা কাৰ্য সঁচাকৈ প্ৰশংসনীয়। নৱ প্ৰজন্মৰ যুৱক সোণাৰি মহাবিদ্যালয়ৰ ছাত্ৰ মানৱজ্যোতিয়ে শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ জীৱন নিৰ্বাহ কৰাৰ যি সংগ্ৰাম আৰম্ভ কৰিছে সেয়া অতিকৈ আদৰণীয় তথা ব্যতিক্ৰমী পদক্ষেপ । এই যাত্ৰা অব্যাহত থাকক আমি তাৰেই কামনা কৰিছো।
চৰাইদেউৰ পৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.