ব্যতিক্ৰম ধৰণৰ ব্যৱসায়েৰে উজলিছে মাধুৰ্য্য গগৈ

0 232

উদ্যমীসকলে কোনো এটা কাম হাতত লোৱাৰ আগতে বজাৰ সমীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় ।কিয়নো বজাৰ সমীক্ষাৰ ভিত্তিতে ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা যায় ।ইয়াৰ উপৰিও প্ৰতিটো কামতে ভিজন থাকিব লাগে ।ভিজন থাকিলেহে ইপ্সিত লক্ষ্যত উপনীত হ’ব পাৰি।এই মন্তব্য উদ্যমী মাধুৰ্য্য গগৈৰ।ডিহাং ইঞ্জিনিয়াৰিং সেৱাৰ জৰিয়তে অসমৰ ব্যৱসায়িক ক্ষেত্ৰখনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা মাধুৰ্য্য গগৈ আজিৰ তাৰিখত এগৰাকী সফল উদ্যমী ।দীৰ্ঘদিন ধৰি মুম্বাইত কৰ্মৰত থকা গগৈয়ে অসমত কিদৰে ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰিলে জানিব বিচৰাত তেখেতে এইদৰে কয়-অসম আৰু বৰ্হিৰাজ্যৰ কৰ্মসংস্কৃতিৰ বহুত প্ৰভেদ আছে ।পূৰ্বে মুম্বাইত দেখি অহা অভিজ্ঞতাই বৰ্তমান সময়ত ব্যৱহাৰ কৰিছো।মই ভাবো ব্যৱসায়ত আগবাঢ়িব হ’লে ব্যৱসায়টোক কেতিয়াও দ্বিতীয় পছন্দ হিচাপে নিৰ্বাচন কৰিব নালাগে ।তেহে সফল হ’ব পৰা যায় ।উল্লেখযোগ্য যে মাধুৰ্য্য গগৈয়ে ডিহাং ইঞ্জিনিয়াৰিং সেৱাৰ জৰিয়তে উদ্যোগ বিলাকত বিভিন্ন সা সামগ্ৰী মেচিন যোগান ধৰে।তেওঁৰ সেৱাৰ লগত ১৬ জন ব্যক্তি জৰিত হৈ আছে ।অসমত পোনপ্ৰথমবাৰৰ বাবে ব্যতিক্ৰম ধৰণৰ সেৱা আগবঢ়োৱা উদ্যমীগৰাকীৰ কৰ্মই নতুন পথৰ সন্ধান দিয়ক।আমাৰ থাকিল অলেখ শুভকামনা ।

Leave A Reply

Your email address will not be published.