ব্যৱসায়িক প্ৰতিষ্ঠানলৈ নতুন নিৰ্দেশনা জাৰি কৰিলে চেম্বাৰ্চ অৱ কৰ্মাচে

0 262

ক’ৰণা ভাইৰাছ হ্ৰাস হোৱাৰ সলনি দৈনন্দিন বৃদ্ধি পাবলৈ ধৰিছে। সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ গুৱাহাটী মহানগৰীতো ক’ৰণা ভাইৰাছে ধাৰণ কৰিছে ভয়াৱহ ৰূপ।
 
 
আক্ৰান্তকাৰীৰ সংখ্যা মুহুৰ্তৰ ভিতৰতে বৃদ্ধি পাবলৈ ধৰিছে। এক ভয়াৱহ সামাজিক সংক্ৰমণৰ কৱলত পৰিছে গুৱাহাটীবাসী ৰাইজ।
 
 
ইয়াৰ মাজতে এই ভয়াৱহ সংক্ৰমণৰ সংখ্যা হ্ৰাস কৰিবলৈ কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। গুৱাহাটী মহানগৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অহা ৩০জুনলৈকে দৈনিক ৰাতিপুৱা ৯বজাৰ পৰা সন্ধিয়া ৫বজালৈকে খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। আনহাতে প্ৰতি ৰবিবাৰে সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰো নিৰ্দেশ দিছে। অহা ৩০জুনলৈকে এই নিৰ্দেশ অটুট থাকিব।

Leave A Reply

Your email address will not be published.