ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’ব বৃহৎ সুৰংগ

0 252

বিশ্বৰ আগশাৰীৰ দেশ চীনতকৈও দীঘল আৰু গভীৰ চাৰিলেনযুক্ত সুৰংগ অতিশীঘ্ৰেই নিৰ্মাণ কৰা হ’ব ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত। এই সুৰংগটোৰ দৈৰ্ঘ হ’ব সৰ্বমুঠ ১৪.৮৫কিলোমিটাৰ। এই সন্দৰ্ভত প্ৰস্তাৱিত সিদ্ধান্তক ইতিমধ্যে দেশৰ কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলত নিৰ্মাণ হ’বলগীয়া এই সুৰংগটোৱে অসমৰ গহপুৰ চহৰৰ (এনএইচ–৫২) পৰা নুমলীগড় চহৰ (এনএইচ–৩৭)ক সংযোগ কৰিব। স্মৰ্তব্য যে পানীৰ তলত এনে বৃহৎ সুৰংগ পোনপ্ৰথমবাৰৰ বাবে দেশত নিৰ্মাণ কৰা হ’ব।
 
 
ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’বলগীয়া এই বৃহৎ সুৰংগটো পূৱ চীনৰ তাইহু জলাশয়ৰ তলেৰে নিৰ্মাণ কৰা সুৰংগটোতকৈ দীঘল হ’ব। পূৱ চীনৰ সুৰংগটোৰ দৈৰ্ঘ ১০.৭৯ কিলোমিটাৰ। এই সুৰংগটো অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ’ব। এই সুৰংগটোৱে অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মাজত বৰ্ষজুৰি যোগাযোগ অব্যাহত ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে ।
 
 
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ অহা ডিচেম্বৰ মাহৰ পৰা এই সুৰংগটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। এই সুৰংগটোৰ তলেৰে সৈন্যৰ বাহন আৰু অস্ত্ৰ শস্ত্ৰৰে সজ্জিত বাহন সমূহ প্ৰতি ঘণ্টাত ৮০কিলোমিটাৰ বেগেৰে চলাব পাৰিব বুলি দাবী কৰা হৈছে।
 
 
উল্লেখযোগ্য যে সুৰংগ পথটোৰ ভিতৰত পানী প্ৰতিৰোধ কৰা কেইবাটাও সুৰক্ষা চক্ৰ থাকিব। ইয়াৰ উপৰিও এই সুৰংগটোত সজীৱ বতাহৰ বাবে ভেন্টিলেশ্যন চিষ্টেম, ফায়াৰ ফাইটিং, ৰেলিংযুক্ত ফুটপাথ, নলাৰ ব্যৱস্থাৰ লগতে জৰুৰীকালীন প্ৰস্থানৰ বাবেও বিভিন্নধৰণৰ ব্যৱস্থা আদি থাকিব।

Leave A Reply

Your email address will not be published.