বড়োলেণ্ডত টাইকোৱাণ্ডো এচ`চিয়েচনৰ অধীনত ওদালগুৰি জিলাৰ ডিমাকুছিত তিনিদিনিয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত টাইকোৱাণ্ডো প্ৰতিযোগিতা ৷ যোৱা ২৭ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে৷ চাব জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ হৈ অংশগ্ৰহণ কৰে জামুগুৰিহাটৰ বাৰ্বী বৰুৱাই আৰু চুহম নেৱাৰে৷৩০ কেজি শাখাত বাৰ্বী বৰুৱাই কেইবা গৰাকী প্ৰতিযোগীক ধাৰাশায়ী কৰি সোণৰ পদক জিনিবলৈ সক্ষম হয় লগতে চুহম নেৱাৰেও চিলভাৰ পদক জিনি টুপিয়া বাসী লৈ গৌৰৱ কঢ়িয়াই আনে৷ ইতিপূৰ্বে কেইবাখনো খেলত অংশগ্ৰহণ কৰি বাৰ্বী বৰুৱাই সোণৰ পদক জিনিবলৈ সক্ষম হৈছিল৷বাৰ্বী বৰুৱা আৰু চুহম নেৱাৰৰও এই কৃতকাৰ্যতাত শুভেচ্ছা জনাইছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তি বিশেষে৷বাৰ্বী বৰুৱা জামুগুৰিহাটৰ হোমিও চিকিৎসক দাদুল বৰুৱা আৰু জুৰি বৰুৱাৰ কনিষ্ঠ কন্যা আৰু হলি চাইল্ড ইংলিচ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী৷ বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ