বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নিৰ্বাচনৰ দিন ধার্য

0 233

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ক’ভিড-১৯ মহামাৰীৰ প্ৰেক্ষাপটত সাময়িক ভাৱে স্থগিত ৰখা বড়োলেণ্ড আঞ্চলিক পৰিষদৰ চল্লিশটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে।আয়োগে জাৰি ৰখা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ওদালগুৰি আৰু বাক্সা জিলাত অহা ৭ ডিচেম্বৰ ২০২০ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন আৰু ৮ ডিচেম্বৰ তাৰিখে পুনৰ ভোটগ্ৰহন অনুষ্ঠিত কৰা হ’ব।
 
আনহাতে নিৰ্বাচনৰ দ্বিতীয়টো পৰ্যায়ত ১০ ডিচেম্বৰ ২০২০ তাৰিখে ভোটগ্ৰহন আৰু ১১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহন অনুষ্ঠিত হ’ব কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সমষ্টি সমূহত।ভোটগ্ৰহনৰ সময় পুৱা ৭-৩০ বজাৰ পৰা আবেলি ৪-৩০ বজালৈ।দুয়োটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব অহা ১২ ডিচেম্বৰ ২০২০ তাৰিখে।ভোটগণনা আৰম্ভ হ’ব পুৱা ৮ বজাৰ পৰা।

Leave A Reply

Your email address will not be published.