বৰক্ষেত্ৰীৰ দ্যা ড্ৰিমাৰ্চ ক্লাৱৰ ব্যতিক্ৰমী পদক্ষেপ

0 277

লক ডাউনৰ সময়ছোৱাত আৰ্তজনৰ কাষত থিয় হৈছে বহু হৃদয়ৱান লোক। এচামে যদি বিতৰণ কৰিছে খাদ্য সামগ্ৰী, আন একাংশই আকৌ পদপথত খাবলৈ নাপাই অনাই বনাই ঘুৰি ফুৰা জীৱ জন্তু,চৰাই চিৰিকটিক খাদ্য যোগান ধৰিছে।

 
 

উল্লেখ্যযোগ্য যে  মাজতেই নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ‘দ্যা ড্ৰিমাৰ্চ ক্লাৱে বৰক্ষেত্ৰী অঞ্চলৰ কালদি, ৰামপুৰ, দমদমা, কছুৱা,গোৰক্ষাট্টাৰী, বামুনবড়ী, মুগদি, আদি গাঁৱত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত কাগজ, কলম,পেঞ্চিল, ৰবৰ, স্কেল আদিকে ধৰি ভিন্ন শিক্ষণ,শিকন সামগ্ৰী বিতৰণ কৰে।

 
 

মহামাৰীৰূপে দেখা দিয়া ক’ৰণা ভাইৰাছৰ জটিলাৱস্থাই দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সৃষ্টি কৰা সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ক্লাৱটোৰ সভানেত্ৰী শ্বাশ্বতি তালুকদাৰ, সম্পাদক মানসজ্যেতি তালুকদাৰ সহ:সম্পাদক কুলদীপ পাঠক, সক্ৰিয় সদস্য ক্ৰমে মইদুল হক, উৎপল মেধি, জুলি বড়ো, ধৃতিমান বৰ্মন, ধ্ৰুৱজ্যেতি নাথ, সৌৰভ গোস্বামী, প্ৰাণজিৎ ডেকা, হিমাংশু পাঠক জ্যেতিপ্ৰকাশ তালুকদাৰ, হীৰক মজুমদাৰ, আৰু ৰাজদ্বীপ ডেকাই গাঁও সমূহৰ গাঁওবুঢ়া সমন্বিতে ৰাইজৰ উপস্থিতিত গাঁৱে গাঁৱে সামগ্ৰী সমূহ বিতৰণ কৰে।

 

 ক’ৰণাই চৌদিশে সৃষ্টি কৰা এক আতংকময় পৰিবেশৰ মাজত শৈক্ষিক ক্ষেত্ৰৰ ওপৰত ইতিবাচক দৃষ্টি নিক্ষেপ কৰি ক্লাৱটোৱে লোৱা মহান পদক্ষেপত সচেতন মহলে সন্তষ্টি প্ৰকাশ কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে।

খবৰ যুগুতালে নলবাৰীৰ পৰা সংগীতা মেধিয়ে..

Leave A Reply

Your email address will not be published.