বৰঝাৰস্থিত বিমান বন্দৰৰ অভিলেখ

0 252

অসমকে ধৰি উত্তৰ-পূৱৰ একমাত্ৰ আন্তৰ্জাতিক পৰ্য্যায়ৰ আৰু অন্যতম বিমান বন্দৰ হিচাপে পৰিচিত বৰঝাৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত সদসমাপ্ত ২০১৮-১৯ বৰ্ষত অভিলেখ সংখ্যক ৬০ লাখ ১৮ হাজাৰ ৫৪ জন যাত্ৰীয়ে অহা-যোৱা কৰে। একে সময়তে বিমান বন্দৰত অভিলেখ সংখ্যক ৫০,০৬৬ বৰ্ষত বিমান উৰণ অৱতৰণ কৰে। বৰঝাৰ বিমান বন্দৰৰ ইতিহাসত বিমানৰ উৰণ অৱতৰণ আৰু অহা-যোৱা কৰা যাত্ৰীৰ সংখ্যাৰ ভিতৰত এয়া সৰ্বাধিক বুলি বিবেচিত হৈছে। তেনেদৰে বিমানৰে সা-সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষেত্ৰটো বৰঝাৰ বিমান বন্দৰত অভিলেখৰ সৃষ্টি হৈছে। পূৰ্বতে বছৰি ৮ হাজাৰ টন সামগ্ৰী সৰবৰাহ কৰাৰ ক্ষমতা থকা বৰঝাৰ বিমান বন্দৰত ২০১৮ -১৯ বৰ্ষত ২৩, ৮৪৭ মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰা হয়‌। এই বছৰি পৰিমাণ ১০ শতাংশটোতকৈ অধিক। তেনেদৰে বিমানৰ মে’লৈ চাৰ্ভিছৰ সংখ্যা বৃদ্ধিৰে সদ্যসমাপ্ত ২০১৮-১৯ বৰ্ষত ১,৬৮০ খনলৈ মেইল বিমান সেৱা বৃদ্ধি হয়। যাত্ৰীৰ বৃদ্ধিৰ পৰিমাণ হ’ল ২৭ শতাংশ‌‌। আনহাতে এই বৃদ্ধিৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক ডি কে কামৰাই যাত্ৰী-কৰ্মচাৰীকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। 

Leave A Reply

Your email address will not be published.