বৰদিন উপলক্ষে আটক ধুনীয়াকৈ সজাই তুলিছে বৰঝাৰ বিমান বন্দৰ

0 208

আগন্তুক বৰদিন উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ আগমন আৰু প্ৰস্থান কক্ষ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। চাৰিওফালে জাকজমক পৰিবেশত, এডাল সুন্দৰ খ্ৰীষ্টমাছ গছৰ কাষত দুটা সুন্দৰ হৰিণক সান্তাই উৰোৱাই লৈ যোৱা ক্ৰিব সজাই তোলা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড নীতি নিয়ম পালন কৰি বিমানকোঠে যাত্ৰীসকলৰ বাবে আমোদজনক অনুষ্ঠানৰ ব্যৱস্থা কৰিছে। বৰদিনৰ দিনা এক জীৱন্ত সান্তাক্ল’জে যাত্ৰীসকলক আমোদ দিয়াৰ লগতে কিছু সংখ্যক অনাথ শিশু শিল্পীয়েও বিভিন্ন অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.