বৰপেটা জিলাৰ ক’ভিড টিকাকৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

0 232

কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা জিলাত উপস্থিত হৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ ক’ভিড টিকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে জিলাখনত ক’ভিড টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে।উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে ৷ অসমতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০০০ টিকাকৰণ কেন্দ্ৰ স্থাপনেৰে আজিৰে পৰা দৈনিক বিনামূলীয়া ক’ভিড টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অন্য জিলাৰ সমান্তৰালকৈ বৰপেটা জিলাটো আৰম্ভ হোৱা এই ক’ভিড টিকাকৰণ ব্যৱস্থাৱলী তথা সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সকলৰ পৰা বুজ লয় ৷ মন্ত্ৰী গৰাকীয়ে জিলাখনত টিকাকৰণ প্ৰক্ৰিয়া যাতে অধিক সূচাৰুৰূপে পৰিচালিত হয় তাৰবাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো টিকাকৰণ কেন্দ্ৰতে যাতে ক্ষিপ্ৰতাৰে আৰু সূচাৰুৰূপে টিকাকৰণ প্ৰক্ৰিয়া সম্পাদন হয় তাৰবাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

Leave A Reply

Your email address will not be published.