ভাষা ৰক্ষাৰ যুঁজত নামি পৰিছে এগৰাকী প্ৰবাসী অসমীয়াই-বিদেশত শিকাইছে অসমীয়া

0 303

যি সময়ত অসমত অসমীয়া ভাষা হেৰাই যোৱাৰ উপক্ৰম হৈছে, সেই সময়ত বিদেশত অসমীয়া ভাষা প্ৰসাৰৰ বাবে এগৰাকী প্ৰবাসী অসমীয়াই প্ৰয়াস কৰিছে।গীতাশ্ৰী গগৈ আপ্তে নামৰ মহিলা গৰাকীয়ে অনলাইন স্কুল প্ৰতিষ্ঠা কৰি এই মহৎ কামৰ অংশীদাৰ হৈছে।উল্লেখযোগ্য যে গীতাশ্ৰী গগৈ আপ্তে সম্প্ৰতি আমেৰিকা টেনেচীৰ বাসিন্দা।এই সম্পৰ্কে তেখেতে এনেদৰে মন্তব্য কৰে-ক’ভিড কালীন সময় অৰ্থাৎ ২০২০ চনৰ জুলাই মাহৰ পৰা আমি অনলাইনত অসমীয়া ভাষা শিকোৱা কাম আৰম্ভ কৰিছিলো।প্ৰথমে ২০ জন মান শিক্ষাৰ্থীকলৈ বিনামূলীয়াকৈ পাঠদান কৰিছিলো।আমি অসমীয়া ভাষা লগতে অসমীয়া সংস্কৃতিৰ সম্পৰ্কে পাঠদান কৰো। স্মৰ্তব্য যে দেশৰ লগতে কানাডা প`লেণ্ড নেদাৰলেণ্ড,ফ্ৰান্স ,শ্লোকোভিয়া নৰ’বে, নিউজিলেণ্ড ,ইউ কে ,ইউ এচ এ শিক্ষাৰ্থীয়ে সম্প্ৰতি শিকাৰু হিচাপে আছে।অনাগত দিনত অধিক প্ৰসাৰিত কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।জন্মসূত্ৰে যোৰহাট বঙালপুখুৰী বাসিন্দা গীতাশ্ৰী গগৈ আপ্তে অসমীয়াত্ব ৰক্ষাৰ এই যুঁজ অব্যাহত থাকক, আমি জনালো অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.