ভাস্কৰ্য্য শিল্পী টংকেশ্বৰ শইকীয়াক শিল্পী সাহাৰ্য্য প্ৰদানৰ আহ্বান

0 131

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেৰানী পামৰ ভাস্কৰ্য্য শিল্পী টংকেশ্বৰ শইকীয়াক শিল্পী সাহাৰ্য্য প্ৰদানৰ বাৱে অসম চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে ৷ বিগত ১৫ বছৰে খেৰ, বাঁহ আৰু কাপোৰৰে হাতী, ঘোঁৰা, বাঘ ভালুককে ধৰি চৰাই-চিৰিকটি তথা বিভিন্ন জীৱ-জন্তুু নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে টংকেশ্বৰ শইকীয়া ৷ ভাস্কৰ্য্য শিল্পী টংকেশ্বৰ শইকীয়া নিজৰ ঘৰৰ চৌহদতে “মৰমৰ কাজিৰঙা” বুলি নাম দি এখন প্ৰতিকী অৰণ্যও গঢ়ি তুলিছে ৷ ৰাস, ভাওনাৰ মণ্ডপ সমুহ সজাৱৰ বাবে চতিয়া, জামুগুৰিহাটৰ বিভিন্ন গাঁৱৰ ৰাইজে এই ভাস্কৰ্য্য সমূহ লৈ যোৱা বুলি কৈছে শিল্পী টংকেশ্বৰ শইকীয়াই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত প্ৰদৰ্শনী সমুহত টংকেশ্বৰ শইকীয়াৰ সৃষ্টি এই ভাস্কৰ্য্য সমূহে যথেষ্ট সমাদৰ লাভ কৰিছে ৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.