ভাৰতীয় পশুচিকিৎসা পৰিষদলৈ অসমৰ পশুচিকিৎসা বিষয়া ডাঃ দন্দেশ্বৰ ডেকা মনোনীত

0 222

ভাৰত চৰকাৰৰ অধীনত মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰালয়ৰ অন্তৰ্গত পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ অধিসূচনা নং-এছ,অ’ ৪৬০৩ নতুন দিল্লী-১৮ ডিচেম্বৰ,২০২০ মৰ্মে ভাৰতীয় পশু চিকিৎসা পৰিষদৰ আইন-৮৪ ৰ অধীনত খণ্ড-৩ ৰ অন্তৰ্ভুক্ত উপ-খণ্ড ৩ আৰু ৬ ৰ অধীনত প্ৰথমবাৰৰ বাবে অসমৰ পশুপালন বিভাগত কৰ্মৰত পশুপালন তথা বিষয়া ডাঃ দন্দেশ্বৰ ডেকাক পৰিষদৰ মনোনীত সদস্য হিচাপে ভাৰত চৰকাৰে নিৰ্বাচিত কৰিছে।
ইয়াৰ পূৰ্বে বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰয়াত জ্ঞানেন্দ্ৰমল্ল বুজৰবৰুৱা অসমৰ পৰা ভাৰতীয় পশু চিকিৎসা পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হৈ সদস্যৰূপে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী কালত পৰিষদৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ভাৰতীয় পশু চিকিৎসা পৰিষদ-ভাৰত চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন সম্পৰ্কীয় বিধিসন্মত পৰামৰ্শদাতা সংস্থা।এই সংস্থাই ২৫ গৰাকী সদস্য ভিতৰত ১১ গৰাকী সদস্য পৰিষদৰ নিৰ্বাচনত নিৰ্বাচিত হৈ আহে।আনহাতে ১৪ গৰাকী সদস্য ভাৰত চৰকাৰে মনোনীত সদস্য হিচাপে বিভিন্ন ৰাজ্য পৰা নিৰ্বাচন কৰি আনে।পোন প্ৰথম বাৰৰ বাবে ভাৰত চৰকাৰে অসমৰ পৰা মনোনীত কৰা সদস্য ডাঃ ডেকা দীৰ্ঘদিন ধৰি পশুপালন আৰু পশু চিকিৎসা সেৱা সংস্থাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থকাৰ লগতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতো জড়িত।
ডাঃ ডেকাৰ এই প্ৰাপ্তিত ৰাজ্যৰ পশুচিকিৎসা বিভাগত কৰ্মৰত পশু চিকিৎসা বিষয়া সকল, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষক সকল,বিভাগৰ কৰ্মচাৰী তথা শুভাকাংক্ষী সকলে আনন্দ প্ৰকাশ কৰাৰ লগতে ডাঃ ডেকালৈ অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.