ভাৰতীয় সেনা বাহিনীত অসম সন্তানৰ কৃতিত্ব

0 265

অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কালি ভাৰতীয় সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডাৰ চীফ অফ ষ্টাফ হিচাপে যোগদান কৰে । ইষ্টাৰ্ণ কামাণ্ডাৰ চীফ হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে ৰাণা প্ৰতাপ কলিতা সেনা বাহিনীৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।উল্লেখযোগ্য যে ইষ্টাৰ্ণ কামাণ্ডাৰ চীফ হিচাপে নিৰ্বাচিত হোৱা ৰাণা প্ৰতাপ কলিতা প্ৰথম গৰাকী অসমীয়া ।কলিতাই ১৯৮৪ চনতে ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টত কমিশ্যন বিষয়া হিচাপে যোগদান কৰিছিল।ইয়াৰ পিছতে কাশ্মীৰত১৩ৰাষ্ট্ৰীয় ৰাইফলছ,বাৰামূলাৰ এল অ’ চি আদিত নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছিল ।ৰাষ্ট্ৰ সংঘৰ শান্তি বাহিনীৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply

Your email address will not be published.