ভাৰতৰত্ন, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলিৰ প্ৰয়াস – আজাৰাত জগদীশ বৈশ্যৰ “গানে গানে”শীৰ্ষক গীত উন্মোচন

0 318

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ উপ মহাপ্ৰবন্ধক আৰু সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই ভাৰতৰত্ন , সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্য মহান শিল্পী জনৰ আগন্তুক জন্মদিন উপলক্ষে সুৰ আৰু কণ্ঠদান কৰি শেহতীয়াকৈ ৰচনা কৰিছে গানে গানে শীৰ্ষক এটি গীত। প্ৰায় পাঁচ মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ ইউটিউৱ চেনেল জগদীশ বি মিউজিকত উপলব্ধ হ`ব ।অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক স্বৰূপ ডঃ ভূপেন হাজৰিকাৰ প্রতি শ্ৰদ্ধাঞ্জলিৰ প্ৰয়াসেৰে সুন্দৰকৈ উপস্থাপন কৰি জাতীয় চেতনা জগাই তুলিবলৈ এক বাস্তৱমুখী আৰু ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা বুলি সদৰি কৰিছে।
আনহাতে ৪ আগষ্টৰ সন্ধিয়া আজাৰা ভৰালীপাৰাত আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠানত গীতটো উন্মোচন কৰে অঞ্চলটোৰ ছয়টা শিশু ক্ৰমে গুণগুণ , অলিভিয়া , এঞ্জেল , অংশু , টিয়া , দিব , অনেশা আৰু নাভিয়াই অনুষ্ঠানত বিশিষ্ঠ শিল্পী ইবচনলাল বৰুৱা ,সাংস্কৃতিক কর্মী অনিল কুমাৰ কলিতা , পবিত্ৰ দাস , অধিবক্তা নৃপেন দাস , জগদীশ বৈশ্যৰ সহধৰ্মিনী ৰেণুকা বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । ভাষণত কেবাজনেও জগদীশ বৈশ্যই সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে নীৰৱে কাম কৰি অহা বিষয়টোৰ শলাগ লয় আৰু গীতটোক সকলোৱে আদৰি লব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । উল্লেখযোগ্য যে জগদীশ বৈশ্যৰ কণ্ঠ , সুৰ আৰু কথাৰে ৰচিত গীতটোৰ কথা অনিল কুমাৰ কলিতাৰ । সংগীত মৃণাল দাসৰ , শব্দ সংমিশ্ৰণ মামণি কলিতাৰ , ভি ডি অ` সম্পাদনা কৰিছে মনোৰিঠা বৈশ্যৰ । উল্লেখযোগ্য যে বহাগ বিহুৰ প্ৰাক ক্ষণত জগদীশ বৈশ্যই বহাগ বিহুক লৈ ৰচনা কৰা ” মোৰ প্ৰাণৰ বিহুৱান ” শীৰ্ষক গীতটো উন্মোচন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.