ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে সমগ্র দেশতে মাক্ৰ বন্দনা সপ্তাহ উদযাপনৰ সিদ্ধান্ত

0 283

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ছেপ্টেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ সপ্তাহ যোৱা কাৰ্যসূচীৰে সমগ্ৰ দেশতেই মাক্ৰ বন্দনা সপ্তাহ উদযাপনৰ সিদ্ধান্ত লৈছে।এই সপ্তাহৰ মুখ্য উদ্দেশ্য হৈছে প্ৰধান মন্ত্ৰী মাক্ৰ বন্দনা যোজনাৰ অধীনত প্ৰথম বাৰলৈ গৰ্ভৱতী হোৱা মাতৃ সকলৰ ওচৰত অংগনবাডী কেন্দ্ৰ অথবা উপ স্বাস্থ্য কেন্দ্ৰ সমূহত পঞ্জীয়ন কৰি তিনিটা কিস্তিত মুঠ ৫০০০ টকা প্ৰদান কৰা আৰু লগতে এই আঁচনি সম্পৰ্কে জন সজাগতা বৃদ্ধি কৰা।সপ্তাহ যোৰা এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ লগতে পঞ্চায়ত, নগৰ উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু অনান্য সামাজিক সংস্থাৰ সহযোগত প্ৰধান মন্ত্ৰী মাক্ৰ বন্দনা আঁচনিৰ লভ্যৰ্থীৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।
ইয়াৰ এক অংশ হিচাপে জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যান বিভাগ ,কামৰূপ মহানগৰৰ উদ্যোগত কামৰূপ মহানগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰা তথ্য কেন্দ্ৰত অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি উপস্থিত থাকি উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে কৰ্মকতা তথা জনসাধাৰণক উৎসাহ যোগায়।উক্ত অস্থায়ী তথ্য কেন্দ্ৰ সমূহত ২/৩ মাজত প্ৰধান মন্ত্ৰী মাক্ৰ বন্দনা যোজনাৰ লিফলেট বিতৰণ কৰি আচঁনিখনৰ বিষয়ে জনসাধাৰণৰ মাজত বাৰ্তা দিবলৈ প্ৰয়াস কৰা হয়।লগতে গুৱাহাটীৰ মেডিকেল কলেজ আৰু হস্পিতালৰ প্ৰসূতি বিভাগত অনুষ্ঠিত কৰা অস্থায়ী তথ্য কেন্দ্ৰত ঠাইতে বহু উপযোগী উপভোক্তাৰ চিনাক্তকৰণ কৰা হয়।
বিভিন্ন জিলাৰ পৰা অহা এই মহিলা আৰু প্ৰসূতি সকলৰ অভিভাৱক লগতে তেওঁলোকৰ সবিশেষ ফোন নম্বৰৰ সৈতে লোৱা হয়।আৰু আন আন জিলাৰ পৰা অহা সকলৰ তেওঁলোকৰ ওচৰৰ অংগনবাডী কৰ্মী আশা বা এ এন মৰ সৈতে যোগাযোগ স্থাপন কৰি পঞ্জীয়নৰ আশ্বাস দিয়া হয়।পৰৱৰ্তী সপ্তাহ যোৰা কাৰ্যসূচীত একেধৰণৰ অস্থায়ী তথ্য কেন্দ্ৰ জিলাখনৰ সংহত লিপ্ত উন্নয়ন প্ৰকল্প সমূহৰ অধীনত বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হ’ব আৰু লগতে বিভিন্ন অন্যান্য কাৰ্যসূচী যেনে শিশু সৈতে উপভোক্তাত চেলফি,গ্ৰাম সক্ষা,ভি এইছ,এছ এন ডি ইত্যাদিৰ বাবে যাৱতীয় কাম কাজৰ পৰিকল্পনা সম্পন্ন কৰা হৈছে।

Leave A Reply

Your email address will not be published.