ভূ গৰ্ভৰ তেল অম্বেষণত অইল ইণ্ডিয়াই নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিব

0 282

ভূ গৰ্ভৰ তেল অন্বেষণত অইল ইণ্ডিয়াৰ নতুন প্ৰযুক্তি ব্যৱহাৰ হ’ব।জানিব পৰা মতে আকাশ মাৰ্গেৰে আৰম্ভ খাৰুৱা তেল প্ৰাকৃতিক গেছৰ অন্বেষন। ভাৰতীয় তেল উদ্যোগৰ ইতিহাসত অইল ইণ্ডিয়া লিমিটেডে প্ৰথম বাৰৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈছে।
ভাৰতৰ তেল উদ্যোগৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংযোজন ঘটিছে Airborne survey । ২৯ নৱেম্বৰ পৰা ব্ৰিটেইনৰ বেলজিঅ নামৰ এটা প্ৰতিষ্ঠানৰ সহযোগত অইল ইণ্ডিয়াই আৰম্ভ কৰিছে এই অত্যাধুনিক প্ৰযুক্তি অভিযান।
পিছে কি এই Airborne survey। ২০১৭ চনতে অইল ইণ্ডিয়া লিমিটেডে চিন্তা কৰিছিল কিদৰে নতুন প্ৰযুক্তিৰে কাম কৰিব পৰা যায়।খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন প্ৰক্ৰিয়াত বিভিন্ন সময়ত অইল ইণ্ডিয়া সন্মুখীন হৈ অহা প্ৰত্যাহ্বান বিপৰীতে সময় উপযোগী হিচাপে বিবেচিত হৈছে Airborne survey।
ক্ষুদ্ৰাকৃতি হেলিকপ্তাত বিশেষ চেঞ্চৰ আৰু চুম্বকীয় সঁজুলি সংযোগ কৰি ভূ-গৰ্ভৰ জৰীপ কৰিব অইল ইণ্ডিয়া। ডিব্ৰু’ছৈখোৱা, আৰু অৰুণাচল এটা অংশ সামৰি মুঠ ৯০০ বৰ্গকিলোমিটাৰ এলেকাত এই অভিযান চলিব।
উল্লেখযোগ্য যে পূৰ্বতে ভূ-কম্পন জৰীপৰ সহায়ত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষন কৰিছিল অইল ইণ্ডিয়া লিমিটেডে।

Leave A Reply

Your email address will not be published.