ভোগজৰা বৰ্ষপুতি অনুষ্ঠান জুনত অনুষ্ঠিত হ’ব

0 244

ভোগজৰা”ধেমাজিৰ এটা অতি আগশাৰীৰ আৰ্থ-সামাজিক অনুষ্ঠান । যিটো অনুষ্ঠানে বিগত কেইবা বছৰো ধৰি সামাজিক- সাংস্কৃতিক অনুষ্ঠানৰ হৈ কাম কৰি আহিছে। শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ইতিমধ্যে যথেষ্ট পদক্ষেপো গ্ৰহণ কৰিছে।অহা ২০জুনত বৰ্ষপূৰ্তি অনুষ্ঠানটো “ৰাভা দিৱস”ৰ লগত সংগতি ৰাখি অতি উলহ মালহেৰে আয়োজন কৰিবলৈ লোৱা হৈছে। উক্ত অনুষ্ঠানতেই অসমৰ সাহিত্য,সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰখনলৈ বিশেষভাৱে বৰঙনি আগবঢ়োৱা ধেমাজিৰ প্ৰচাৰ বিমুখ এজন নমস্য ব্যক্তিক “ভোগজৰা”ৰ তৰফৰ পৰা “জীয়াঢল উপত্যকা বঁটা” প্ৰদান কৰা হ’ব। এই বঁটা অহা ২০জুনত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিশিষ্ট দিব্যাংগ শিল্পী,সাংস্কৃতিক কৰ্মী  বুংশীধৰ বসুমতাৰী  প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। উক্ত অনুষ্ঠানতে বিভিন্ন প্ৰতিকূলতাৰ মাজতো স্থানীয় ৰাইজৰ সহযোগত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খন ধেমাজিৰ ভিতৰতে সৰ্বোকৃষ্ট বিদ্যালয় হিচাবে গঢ় দিয়াৰ বাবে অব্যাহত ৰখা চেষ্টাক সন্মান জনাই “বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়” খনক “বিশেষ শৈক্ষিক সন্মান বঁটা” প্ৰদান কৰা হ’ব।  ধেমাজি  জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা কণ কণ ছাত্ৰছাত্ৰী সকলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশিত হ’ব লগা এই অনুুষ্ঠানতেই ৰক্তদানেৰে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি অাহি মহৎ কাম কাম কৰাৰ লগতে সমগ্ৰ অসমবাসীকে সজাগ কৰাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰা জনহিতৈষী স্বেচ্ছাসেৱী অনুষ্ঠান “ৰক্তধাৰা’ক “জনকল্যানকামী বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও ধেমাজি জিলাৰ আটাইতকৈ পৰিচন্ন গাঁও হিচাপে জনপ্ৰিয় হোৱা মাইছা গাৱঁলৈ “শুৱনি আমাৰ গাঁওখনি বঁটা” ৰ সন্মান প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.