ভৱ প্ৰসাদ চলিহাক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

0 280

বিশিষ্ট সাহিত্যিক অধ্যাপক ভৱপ্ৰসাদ চলিহাক কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰে ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা।সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত শাৰীৰিক অসুস্থতাৰ বাবে অধ্যাপক ভৱপ্ৰসাদ চলিহা উপস্থিত থাকিব নোৱাৰাত বঁটা গ্ৰহণ কৰে তেওঁৰ সহধৰ্মিণী নন্দিতা চলিহাই।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ,এটা সোণৰ পদক,এখন শৰাই,অংগবস্ত্ৰ আৰু ৫ লাখ টকাৰ চেক। বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সোনোৱালে গুৰুজনাৰ দৰ্শন আৰু সৃষ্টিৰাজি বিশ্বৰ মানৱ সমাজক অৱগত কৰিবলৈ ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ অভিযান শীৰ্ষক এক অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰে।এই ক্ষেত্ৰত সত্ৰাধিকাৰ,গুণী জ্ঞানী ব্যক্তি তথা অসমৰ সকলো শ্ৰেণী জনসাধাৰণৰক আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।
এই প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে কয়- শিখগুৰু গুৰু নানকৰ বিষয়ে আজি সমগ্র বিশ্ব জ্ঞাত।কিন্তু বহুমুখী প্ৰতিভা আকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰাটো বৃহত্তৰ অসমীয়া জাতিৰ দুৰ্বলতা।সেয়েহে গুৰুজনাক আমি বিশ্ব দৰবাৰত শক্তিশালী ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সন্মিলিত প্ৰয়াস চলাব লাগিব।ইয়াৰ বাবেই ৰাজ্য চৰকাৰে আৰম্ভ কৰিব শ্ৰীমন্ত শংকৰদেৱ অভিযান।
আমাৰ বৃহত্তৰ সমাজখনক শৃংখলাবদ্ধ কৰি শক্তিশালী সমাজ নিৰ্মাণৰ বাবে গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় এই নামঘৰ হ’ল অসমীয়া কৃষ্টি-সংস্কৃতি তথা সমাজ সংস্কাৰৰ ভেটিস্বৰূপ।সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মক সংস্কাৰমুখী পথেৰে আগুৱাই নিব লাগিব নামঘৰলৈ যোৱাৰ অভ্যাস প্ৰগাঢ় কৰিব লাগিব।নামঘৰ শক্তিশালী হৈ থাকিলে অসমীয়া সমাজ সদায়েই এক প্ৰাণৱন্ত সমাজ হিচাপে ভৱিষ্যতেও বৰ্তি থাকিব।
মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে গুৰুজনাৰ আদৰ্শৰে বৰ্তমান ৰাজ্য চৰকাৰখনৰ কাৰ্যাকালত বৰাক-ব্ৰক্ষ্মপুত্ৰ, পাহাৰ-ভৈয়াম একাকাৰ কৰি শক্তিশালী জাতি হিচাপে জীয়াই থকাৰ যি প্ৰৱণতা জাগ্ৰত হৈছে।সেয়া ইতিবাচক দিশ । গুৰুজনাই প্ৰতিষ্ঠা কৰা মুকুতা সমূহ বৃহত্তৰ অসমীয়া জাতিয়ে বুটলিব লাগিব।তেতিয়াহে ভৱিষ্যতও আমাৰ সমাজখন এক প্ৰাণৱন্ত সমাজ হিচাপে বিশ্বৰ বুকুত মূৰ দাঙি থাকিব।
বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এনে এগৰাকী ব্যক্তি আছিল যিয়ে ভাৰতবৰ্ষৰ সম্ভাৱনাৰ কথা ১৫ শতিকাতে আমাৰ মাজত এক বাৰ্তা হিচাপে থৈ গৈছিল।ভাৰতবৰ্ষৰ ৫ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিত এগৰাকী যুগজয়ী মহাপুৰুষ হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল।তেওঁৰ জন্মৰ একে সময়ছোৱাতে ভাৰতবৰ্ষৰ আকাশত আন বহু কেইগৰাকী গুণী-জ্ঞানী মহাপুৰুষৰ জন্ম হৈছিল।
শংকৰাচাৰ্যৰ এটা যুগৰ পাছৰত ভাৰতবৰ্ষত কৃষ্ণভক্তিৰ নেতৃত্ব গ্ৰহণ কৰিছিল সেইসকল যুগজয়ী ব্যক্তিয়েই।পশ্চিমবংগৰ প্ৰভু চৈতন্য,মাধৱাচাৰ্য আদিয়ে ভাৰতবৰ্ষৰ আকাশত কৃষ্ণ বন্দনাৰ এক নৱজাগৰণৰ সূত্ৰপাত কৰিছিল। আধ্যাত্মিকতাৰ সমান্তৰাল ভাৱে সেই সময়ত ভাৰতীয় সংস্কৃতিৰ নতুন নতুন উপাদান সমুহে প্ৰাণ পাই উঠিছিল।এই মহাপুৰুষ সকলে ১৫ শতিকাটো ভাৰতবৰ্ষৰ ইতিহাসত শ্ৰেষ্ঠতম শতিকাৰলৈ ৰূপান্তৰ কৰিছিল।
মহাপুৰুষ শংকৰদেৱে হৰিভক্তিৰ উপাদান সমূহেৰে নিজক সুসজ্জিত কৰি নিজস্ব এক নতুন চিন্তাৰে অসমৰ মাটিত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সামৰি বৈষ্ণৱ আন্দোলনৰ নৱজাগৰণ সূচনা কৰিছিল।গুৰুজনাই অসম আৰু ভাৰতৰ মাজত ঐক্যতান অনুভৱ কৰিছিল বুলি তেওঁ মন্তব্য কৰে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে কীৰ্তন ঘোষা,গুণমালা আদিৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে অসমৰ সাহিত্য-সংস্কৃতি চহকী কৰিছিল।বৃন্দাবনী বস্ত্ৰৰ দ্বাৰা তেওঁ আমাৰ বয়ন শিল্পক লৈ গৈছিল বিশ্ব দৰবাৰলৈ ।তেওঁ নামঘৰৰ সৃষ্টিয়ে অসমৰ সমাজ জীৱনৰ পৰা উচ্চ-নীচ জাতিভেদ প্ৰথা আঁতৰাই একেলগে একেপ্ৰাণেৰে হৰিক স্পৰ্শ কৰাৰ এক অপূৰ্ব সুযোগ প্ৰদান কৰিছিল আৰু সেইবাবে আমাৰ জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সদায়ে শ্ৰেষ্ঠ অসমীয়া, জাতীয় জীৱনৰ মহানায়ক প্ৰাণপ্ৰত হিচাপে স্বীকৃতি দি আহিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে আমাৰ জাতিক প্ৰাণ দিছিল।গুৰু দুজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণা।তেওঁলোকক যিমানেই স্মৰণ কৰিম সিমানেই আমাৰ জাতি পৱিত্ৰ হ’ব।জাতিয়ে শক্তি পাব আগবাঢ়িব।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাক ন-ৰূপত সজোৱাৰ বাবে শেহতীয়াভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আধাশিলা স্থাপন কৰাৰ পাছত নতুন বছৰৰ প্ৰথমটো দিনৰ পৰাই ইয়াৰ কাম আৰম্ভ হৈছে বুলি তেওঁ সদৰী কৰে।
লগতে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে নামঘৰ সমূহলৈ আগবঢ়োৱা সাহায্যৰ প্ৰসংগও উল্লেখ কৰে ।অসমীয়া জাতিয়ে এটা মহান জাতি হিচাপে আগবাঢ়ি যোৱাৰ এটা নতুন বীজ ৰোপন কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰখন সক্ষম হোৱা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে এয়া আমাৰ সমাজ জীৱনৰ কৃতিত্ব।সাম্প্ৰদায়িক সংঘৰ্ষ দুৰৰে কথা যোৱা ৫ বছৰত কাৰো মাজত এটা সংঘাটো আমাৰ সমাজ জীৱনে প্ৰত্যক্ষ কৰা নাই।
যি জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু মহাপুৰুষ মাধৱদেৱ ৰ পৰা প্ৰেৰণা লব সেই জাতিয়ে মাত্ৰ বিজয়ৰ অৰুনোদয় যাত্ৰাৰে খোজ কাঢ়িব।ইয়াৰ বিকল্প নাই।অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰেণীবিহীন মানৱ সমাজ নিৰ্মাণ কৰি গৈছে।গুৰুজনাৰ সমন্বয়ৰ আদৰ্শৰে ৰাজ্য চৰকাৰে জনগোষ্ঠীয় সমন্বয় আৰু উত্তৰণৰ হকে কাম কৰি আহিছে।
নিজৰ ভাষণত তেওঁ ৰাজ্য চৰকাৰে অসমৰ সাংস্কৃতিক বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰে।বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। অনুষ্ঠানত অধ্যাপক ভৱপ্ৰসাদ চলিহাই লাইভ ভিডিৰ জৰিয়তে বঁটা লাভৰ অনুভৱ ব্যক্ত কৰি প্ৰদান কৰা ভাষণো সম্প্ৰচাৰ কৰা হয়।
অনুষ্ঠানত বঁটাপ্ৰাপক অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ ৰচিত এটি গীত পৰিবেশন কৰা উপৰি তেওঁৰ জীৱন আৰু কৰ্মৰাজি সামৰি সাংস্কৃতিক সঞ্চালকালয়ে প্ৰস্তুত কৰা এখন চুটি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানত ২০১৭ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা,মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ,সাংসদ কুইন ওজাকে ধৰি সত্ৰাধিকাৰ, আধ্যাত্মিক গুৰু,অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.