মঙলদৈত স্থাপন হ’ব ধৰ্ম নাৰায়ণৰ প্ৰতিমূৰ্তি

0 187

দৰং জিলাৰ সদৰ মঙলদৈ চহৰৰ বৰপুখুৰীৰ পাৰত ৰজা ধৰ্ম নাৰায়ণৰ প্ৰতি মূৰ্ত্তি স্থাপন হ’ব।উল্লেখযোগ্য যে ৰজা ধৰ্ম নাৰায়ণ প্ৰথম জন দৰঙী ৰজা আছিল।
 
 
 
অলপতে মঙলদৈ আৱৰ্ত ভৱনত অনুষ্ঠিত এক ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে।এই মূৰ্তিটো নিৰ্মাণৰ সম্পূৰ্ণ খৰচ বহন কৰিব ধৰ্ম নাৰায়ণ পৰিনাতি ড° অমৰেন্দ্ৰ নাৰায়ণে।এই সভাত বিধায়ক গুৰুজ্যোতি দাস, ড° নগেন্দ্ৰ নাথ শৰ্মা,  ড° বিজয় শৰ্মা,ৰামচৰণ ডেকা,সাংবাদিক ভাৰ্গৱ দাস, সাহিত্যক ইদ্ৰিছ আলী, অৱসৰ প্ৰাপ্ত অধ্যক্ষ দিনেশ্বৰ চহৰীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.