মঙ্গলদৈ ইলেকট্ৰনিক মেডিয়া ফ’ৰামৰ ব্যতিক্ৰমী পদক্ষেপ

0 134

শেহতীয়াভাবে হোৱা ক’ৰণাৰ ব্যাপক গণ সংক্ৰমণৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ নিৰ্লিপ্ততাই পৰিস্থিতি অধিক অৱনতিৰ পিনে ঢাল খাবলৈ ধৰাৰ সময়তে মঙলদৈ বিদ্যুতিন সাংবাদিক ফ’ৰাম'(Mangaldai Electronic Media Forum)ৰ বিষয়ববীয়া আৰু সদস্য সকলে আজি  মঙলদৈ চহৰত এক আকৰ্ষণীয় সজাগতা শোভাযাত্ৰা উলিয়াই৷ মঙলদৈৰ বৰপুখুৰীৰ পাৰৰ পৰা আৰম্ভ হোৱা এই সজাগতা শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰুৱা, আৰক্ষী অধীক্ষক অমৃত ভূঞা, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক দীনবন্ধু ভূঞাই অংশ গ্ৰহণ কৰি বিদ্যুতিন সাংবাদিক সকলৰ এই প্ৰচেষ্টাক শলাগ লয়৷
 
 
জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেক, সাংবাদিক গণেশ দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱেশ কাকতি, সদৌ অসম ছাত্ৰ সন্থাৰ নিৰঞ্জন শইকীয়া প্ৰমুখ্যে ব্যক্তি সকলেও এই অনুষ্ঠানটিত অংশ গ্ৰহণ কৰাৰ লগতে উদ্যোক্তা সকলে প্ৰশংসা কৰে ৷ ফ’ৰামৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা আৰু সম্পাদক মুকুটৰাজ শৰ্মাই অংশগ্ৰহণকাৰী ব্যক্তি সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.