মন্ত্ৰী পীয়ুষ হাজৰিকাক স্মাৰক পত্ৰ প্ৰদান মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

0 279

অসম তথা উত্তৰ পূৱৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বাহি অহা বৰ্দ্ধিত জনসংখ্যা পতি লক্ষ্য ৰাখি লগতে ইয়াৰ পৰা পৰিত্ৰাণ বিছাৰি দেশত এখন কঠোৰ জনসংখ্যা আইন দাবী কৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে। কালি মৰিগাঁও জিলা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন সমিতি অধ্যক্ষ পুলিন কাকতিৰ নেতৃত্বত জিলা সমিতি তৰফৰ পৰা মৰিগাঁও জিলা জাগিৰোড সমষ্টি বিধায়ক তথা মৰিগাঁও জিলাৰ মন্ত্ৰী পীযুষ হাজৰিকাক নিজা বাস ভৱনত লগ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।এই কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰে জিলা সমিতি অধ্যক্ষ পুলিন কাকতিৰ লগতে সাধাৰণ সম্পাদক মিলন কাকতি,সংযোজক উৎপল শৰ্মা, মহিলা শক্তি অধ্যক্ষা কবিতা ডেকা,জিলা হিন্দু জাগৰণ মঞ্চ সভাপতি জ্যোতিপ্ৰসাদ দাস,সম্পাদক উৎপল নাথ,এই স্মাৰক প্ৰত্ৰখন মন্ত্ৰী পীযুষ হাজৰিকা জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ কঠোৰ এখন আইন প্ৰণয়নৰ বাবে এই পত্ৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.