মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কি ক’লে

0 236

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৬৫সংখ্যক মন কী বাত অনুষ্ঠানত দেশবাসীক সম্বোধন জনায়। সম্প্ৰতি সমগ্ৰ দেশত ক’ৰণা ভাইৰাছে যি প্ৰভাৱ পেলাইছে সেই সন্দৰ্ভত মন্তব্য কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। তেখেতে কয় যে ক’ৰণা ভাইৰাছে সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। যি সময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুত গতিত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে সেই সময়ত সমগ্ৰ বিশ্ব তথা বিশ্ববাসীৰে দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈ আছে বুলি কয়। এই সময়খিনিত সমগ্ৰ দেশবাসীয়ে সাৱধানতা অৱলম্বনৰ বাবে বিভিন্নধৰণৰ পদক্ষেপ হাতত লৈছে বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়।
 
 
 
প্ৰব্ৰজিত শ্ৰমিকসকলৰ কথাও উল্লেখ কৰি তেখেতে কয় যে ক’ৰণা ভাইৰাছৰ এই ভয়াৱহতাৰ সময়ত দেশৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বহুখিনি সমস্যা হৈছে। প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰে নিজৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব। লগতে তেখেতে কয় যে সমগ্ৰ দেশবাসীয়ে শ্ৰমিকসকলৰ সমস্যা তথা দুখ সমূহ বুজি উঠিব লাগিব। 
 
 
প্ৰতিগৰাকী লোকে মুখত মাস্ক পিন্ধাটো প্ৰয়োজনীয় তথা বাধ্যতামূলক। সমান্তৰালভাৱে সামাজিকভাৱে  ব্যৱধান ৰখাটোও সমানেই প্ৰয়োজনীয় তথা বাধ্যতামূলক। ক’ৰণা বিৰোধী এই শক্তিশালী যুজখনত দেশবাসী পূৰ্বতকৈ আৰু অধিক পৰিমাণে সাৱধান হোৱাটো দৰকাৰ। অহা ১জুনৰ পৰা দেশত আন্তঃবাদৰ আৰম্ভণি হ’ব বুলিও জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইতিপূৰ্বে দেশত অৰ্থনৈতিক কাম কাজ সমূহ আৰম্ভ হৈছে বুলিও কয় মন কী বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
 
 
ক’ৰণা ভাইৰাছৰ সমান্তৰালকৈ দেশত আৰম্ভ হৈছে প্ৰাকৃতিক দুৰ্যোগৰ। যিহেতু বৰ্তমান বৰষুণৰ বতৰ সেয়েহে দেশবাসীক পানী সংৰক্ষণ কৰিবলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কিয়নো পানী ব্যৱহাৰ তথা সংৰক্ষণৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে সজাগ হোৱাটো উচিত। ইতিমধ্যে দেশবাসীৰ হকে কেন্দ্ৰৰ তৰফৰ পৰা সৰ্বমুঠ ২৪হেজাৰ কোটি টকা মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.